NORTHEAST NOW (Assamese)
অসম

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত ৬৩, ৪৯০গৰাকী; মুঠ আক্ৰান্তৰ সংখ্যা ২৫লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 12:07 pm
corona in India

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ষিপ্ৰ গতিতি বৃদ্ধি পাবলৈ লৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দেওবাৰে জানিবলৈ দিয়া মতে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৫.৮৯লাখ।

আনহাতে, যোৱা ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৬৩,৪৯০গৰাকী লোক আৰু ৯৪৪গৰাকী কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ৬,৭৭,৪৪৪গৰাকী।

সেইদৰে, ১৮,৬২,২৫৮ গৰাকী আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ পাছত আৰোগ্য লাভ কৰি হাস্পাতলৰ পৰা উভতিছে।

কৰ’নাত আক্ৰান্ত হৈ এতিয়ালৈকে দেশত ৪০,৯৮০ গৰাকী লোকৰ মৃত্যু হৈছে।

আইচিএমআৰৰ ফালৰ পৰা দেওবাৰ জানিবলৈ দিয়ে যে ১৫আগষ্টত গোটেই দেশতে ৭,৪৬,৬০৮টা নমুনা পৰীক্ষা কৰা হৈছে।

গোটেই দেসতে এতিয়ালৈকে ২,৯৩,০৯,৭০৩টা নমুনা পৰীক্ষা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে, আন দেশৰ তুলনাত ভাৰতত কৰ’নাত মৃত্যুৰ হাৰ কম। ভাৰতত মৃত্যুৰ হাৰ ২শতাংশতকৈ কম।

আনহাতে, আমেৰিকা, ব্ৰাজিলত মৃত্যুৰ হাৰ অধিক।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে আমেৰিকাত মাত্ৰ ২৩ দিনত মৃত্যুৰ সংখ্যা ৫০হাজাৰ অতিক্ৰম কৰিছে।

আনহাতে, ব্ৰাজিলত ৯৫আৰু মেক্সিকোত ১৪১দিনত ইমান সংখ্যক ৰোগীৰ মৃত্যু হৈছে। ভাৰতত এই সংখ্যা ১৫৬দিনত দেখা গৈছে।