NORTHEAST NOW (Assamese)
অসম

অহা মাহৰ পৰা বৃদ্ধি পাব এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 12:05 pm
airtel

দেশৰ দুই আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভাৰতী এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ অহা মাহৰ পৰা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এক বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ছেপ্তেম্বৰৰ মাজভাগ অথবা অক্টোৱৰৰ প্ৰথমভাগৰ পৰা এয়াৰটেল,ভোডাফোন-আইডিয়াৰ প্ৰিপেইড-পোষ্ট পেইডৰ নিৰ্বাচিত প্লেনৰ নিৰিখ প্ৰায় ১০ শতাংশ বৃদ্ধি কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে টেলিকম কোম্পানী সমূহক আদায় দিবলৈ কোৱা এজিআৰ অৰ্থাৎ এডজাষ্টেড গ্ৰছ ৰেভিনিউৰ জোৰা মাৰিবলৈয়েই কোম্পানী কেইটাই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ প্ৰায় ১০ শতাংশ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

যদি কোম্পানী দুটাই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ ১০ শতাংশ বৃদ্ধি কৰে তেন্তে গ্ৰাহকে ওপৰঞ্চি ভালেখিনি ধন ভৰিবলগীয়া হ’ব।

উল্লেখ্য এজিআৰ আদায় দিয়াৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত টেলিকম কোম্পানী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দীৰ্ঘ দিন ধৰি এখন যুঁজ চলি আছে।

টেলিকম কোম্পানী সমূহে এজিআৰ আদায় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা ২০ বছৰৰ সময় বিচাৰি আছে।

সূত্ৰটোৱে সদৰী কৰা মতে টেলিকম কোম্পানী দুটাই ৰাজহৰ পৰিমাণ বৃদ্ধিৰ বাবেই প্ৰিপেইড-পোষ্ট পেইডৰ নিৰিখ  ১০ শতাংশ বৃদ্ধি কৰাৰ কথা ভাবিছে।

অৱশ্যে বিষয়টো সন্দৰ্ভত ভাৰতী এয়াৰটেল আৰু ভোডাফোন-আইডিয়াই স্পষ্টকৈ একো কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই।