NORTHEAST NOW (Assamese)
অসম

কৰ’না সংকটৰ মাজতে এয়াৰ ইণ্ডিয়াই অপসাৰণ কৰিলে ৪৮গৰাকী পাইলটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 11:15 am
WhatsApp Image 2020-08-16 at 10.52.23 AM

কৰ’না ভাইৰাছ মহামাৰীৰ সংকটৰ সময়ত বিমান পৰিবহনৰ ব্যৱসায় সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে। বিশ্বৰ বিভিন্ন বিমান পৰিবহন কোম্পানী ইয়াৰ ফলত লোকচানৰ সন্মুখীন হৈছে।

এনে আৰ্থিক সংকটৰ সন্মুখীন হৈ ভাৰতৰ ৰাষ্ট্ৰীয় পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়াই ইয়াৰ ৪৮গৰাকী পাইলটক চাকৰিৰ পৰা বিদায় দিছে।

যোৱা ১৩ আগষ্টৰ পৰা এই পাইলটসকলৰ অপসাৰণ কাৰ্যকৰী কৰা হয়।

সংস্থাটোৰ ফালৰ পৰা ইতিমধ্যে চাকৰিৰ পৰা অপসাৰণ কৰা পত্ৰ পাইলটসকললৈ প্ৰেৰণ কৰা হৈছে।

যিসকল পাইলটক বাদ দিয়া হৈছে ইয়াৰ কেইজনমানে যোৱা বছৰেই চাকৰি এৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইয়াৰ এসপ্তাহ পূৰ্বে এয়াৰ ইণ্ডিয়াই টুইটাৰ যোগে কোনো কৰ্মচাৰীকে অপসাৰণ কৰা নহয় বুলি ঘোষণা কৰিছিল।

ইয়াৰ পাছতো এয়াৰ ইণ্ডিয়াই জানিবলৈ দিয়ে যে কৰ’নাৰ বাবে কোম্পানীটোৱে ব্যাপক লোকচানৰ সন্মুখীন হৈছে। সেয়েহে, কৰ্মচাৰীসকলক দৰমহা-ভাট্টা আদি দিয়াৰ সামৰ্থ এয়াৰ ইণ্ডিয়াৰ নাই।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই এনে সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি কোৱা হৈছে।