NORTHEAST NOW (Assamese)

এন আৰ চিৰ কামত নিয়োজিত হৈ আছে অবৈধ বাংলাদেশী মুছলমান : শিলাদিত্য দেব

July 6, 2018 10:18 pm · এন ই নাও নিউজ
শিলাদিত্য দেবৰ ফাইল ফটো

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োজিত হৈ আছে অবৈধ বাংলাদেশী মুছলমান। এই বিস্ফোৰক অভিযোগ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেবৰ।

এন আৰ চি সম্পৰ্কত আজি সংবাদ মাধ্যমৰ আগত হোজাইৰ বিধায়ক গৰাকীয়ে কয়,‘যি সকল কম্পিউটাৰ ডাটা এণ্ট্ৰী অপাৰেটৰ আছে, তেওঁলোকৰ, গোটেই, য’ত য’ত মুছলিম প্ৰধান এলেকা তেওঁলোকৰ মানুহ তাত বহি আছে।‘

আনকি সেই স্থানসমূহৰ পুনৰিক্ষণ বিষয়া গৰাকীয়ো অনুপ্ৰৱেশকাৰী বুলি তেওঁ মন্তব্য কৰে।

ৰাজ্যৰ ‘১১খন জিলা আজি বাংলাদেশী মুছলমানৰ কবলত গুচি গ’ল’ যাৰ ফলত ‘সেই বিলাক অঞ্চলত বেছি নাম কটা নাযায়’ বুলি উল্লেখ কৰি তেওঁ উচ্চতম ন্যায়্যলয় আৰু প্ৰতীক হাজেলাক উক্ত ১১ জিলাত ক্ৰছ ভেৰিফিকেশ্যনৰ অনুৰোধ জনায়। অন্যথা ‘এই এন আৰ চি মানি লোৱাটো বহুত কষ্টকৰ হ’ব’ বুলি তেওঁ কয়।

আনহাতে একাংশ লোকক বাংলাদেশী মুছলমানৰ ‘দালাল’ বুলি অবিহিত কৰি তেওঁ কয়, ‘এন আৰ চিৰ ৰিজাল্ট ঘোষণা কৰাৰ আগত চৰকাৰে এই ধৰণৰ মানুহ যিসকলে কমেণ্ট কৰি আছে তেওঁলোকক ছৰ্ত লিষ্ট কৰি আগতে জেলত ভৰাই ল’ব লাগে।‘

উল্লেখযোগ্য এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশ পোৱাৰ পিছৰে পৰা সততে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি অহা শিলাদিত্য দেবৰ বিৰুদ্ধে ইতিপূৰ্বে কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল।

Related News