NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ কাম-কাজে ক্ষতি কৰিছে শিক্ষা ব্যৱস্থাক

Posted by: সুকৃতি গগৈ December 27, 2017 7:10 pm

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খচৰা অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত’, কামৰূপ মহানগৰ এন আৰ চিৰ জিলা প্ৰকল্প পৰ্যৱেক্ষক কৌশিক মহন্তই কয়, ‘প্ৰায় ২৪০ জন স্কুল শিক্ষকক এন আৰ চিৰ কাম-কাজৰ বাবে মকৰল কৰা হৈছে।’ শিক্ষকসকলক কিছুমান এন আৰ চি সেৱা কেন্দ্ৰৰ কামৰ বোজা কমাবৰ বাবে আৰু কিছু সংখ্যকক ক্ষেত্ৰ পৰিদৰ্শন দলৰ বাবে নিয়োগ কৰা হৈছে। এই নিযুক্তিয়ে শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ ২৭ নং ধাৰা উলংঘা কৰিছে। উল্লেখযোগ্য যে এই আইনে ‘শিক্ষকক অশৈক্ষিক কাম-কাজত নিয়োগ’ক নিষিদ্ধ কৰিছে। কামৰূপ (মহানগৰ) জিলাৰ এন আৰ চিৰ জিলা প্ৰকল্প পৰ্যৱেক্ষক কৌশিক মহন্তই জনোৱা অনুসৰি কামৰূপ (মহানগৰ) জিলাত এন আৰ চিৰ প্ৰক্ৰিয়াৰ সৈতে ১১০০ গৰাকী বিদ্যালয় শিক্ষক জড়িত হৈ আছে। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোক খণ্ড পৰ্যায়ৰ বিষয়া আছিল আৰু ২০১৫ চনৰ আগছোৱাৰে পৰা তেওঁলোক ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া হিচাপে নিযুক্ত হৈ আছিল। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সময়মতে  শেষ কৰিবৰ বাবে কি বৱস্থা গ্ৰহণ কৰা হৈছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কিছুদিন পূৰ্বে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতিক হাজেলাই নৰ্থ ইষ্ট নাওক জনাইছিল, ‘আমি সমগ্ৰ ৰাজ্যতে কৰ্মীৰ সংখ্যা ১৭ হাজাৰৰ পৰা ২৫ হাজাৰ গৰাকীলৈ বৃদ্ধি কৰিছো।’