NORTHEAST NOW (Assamese)
অসম

গৌৰীসাগৰ থানাৰ সন্মুখৰ পৰাই বাইক চুৰি

Posted by: ৰাজীৱ দত্ত December 27, 2017 6:22 pm

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সাপ্তাহিক বজাৰৰ এটা গাড়ী ধোৱা কেন্দ্ৰৰ ওচৰতে ৰখাই থোৱা এখন পালচাৰ মটৰচাইকেল মঙলবাৰে গধুলি প্ৰায় ৫ বজাত চোৰ কৰি নয়ে। সূত্ৰ অনুসৰি গৌৰীসাগৰ আলিয়ামুখ গাঁৱৰ পুতুল হাজৰিকাই তেওঁৰ ক’ল-ৰঙা ৰঙৰ এ এছ ০৪ পি ৮৫৩৯ নম্বৰৰ মটৰচাইকেলখনেৰে সাপ্তাহিক বজাৰখনৰ পৰা বজাৰ কৰিবলৈ আহিছিল। বাইকখন উক্ত স্থানত ৰাখি বজাৰ কৰিবলৈ যোৱা হাজৰিকাই অলপ সময়ৰ পিছতে ঘূৰি আহি দেখে যে তেওঁৰ বাইকখন নাই। তেওঁ লগে লগে এই সন্দৰ্বত গৌৰীসাগৰ আৰক্ষী থানাত খবৰ দিয়ে। উল্লেখযোগ্য যে মঙলবাৰে সাপ্তাহিক বজাৰত বৃহৎ সংখ্যক মানুহৰ সমাগম হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে গৌৰীসাগৰ আৰু আশপাশৰ অঞ্চল সমূহত চোৰৰ উপদ্ৰৱ ক্ৰমান্বয়ে বাঢ়ি আহিছে, কিন্তু আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজে অতি শীঘ্ৰে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।