NORTHEAST NOW (Assamese)
অসম

‘অসাংবিধানিক’পত্ৰক লৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে দুই আয়ুক্ত সহ মুখ্য নিৰ্বাচনী আয়ুক্তৰ বৈঠক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2021 11:24 am
CEC India

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ আৰু দুগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেই যোৱা ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আহ্বান কৰা অনলাইন বৈঠকত অংশ লৈছিল।

আইন মন্ত্ৰ্যালয়ৰ পৰা এখন পত্ৰ লাভ কৰাৰ এদিন পাছতেই অনুষ্ঠিত হৈছিল সেই বৈঠক।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি আইন মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা সেই পত্ৰৰ পাছতেই আয়োগৰ ভিতৰত সাময়িকভাৱে এক অস্থিৰতাৰ সৃষ্টি হৈছিল। কিয়নো পত্ৰখন যেন এখন ‘চমন’ৰ দৰে আছিল।

সেয়াই নহয়, পত্ৰ পঠোৱাৰ প্ৰক্ৰিয়াটোও এক দৃষ্টান্তবিহীন তথা সাংবিধানিক নিয়ম উলংঘাৰ দৰে কাম বুলি বিবেচিত হৈছিল।

Also Read: বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত ‘নো স্কিন টু স্কিন কন্টেক্ট’ ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা

বাতৰি অনুসৰি, মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰ আৰু দুগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেই এই প্ৰসংগত প্ৰশ্ন তুলি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

অৱশ্যে তাৰ মাজতো ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আহ্বান কৰা অনলাইন বৈঠকত তেওঁলোক যোগ দিবলগীয়া হয়।

ইয়াৰ পূৰ্বে যোৱ বছৰৰ ১৩ আগষ্ট আৰু ৩ ছেপ্টেম্বৰত এই বিষয়তে দুখন বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠক দুখনত নিৰ্বাচন আয়োগৰ বিষয়াসকলে অংশ লৈছিল যদিও নিৰ্বাচন আয়ুক্তসকল তাত উপস্থিত থাকিবলগীয়া হোৱা নাছিল।

নিৰ্বাচন আয়োগৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত পত্ৰ লাভ কৰাৰ পাছত মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰই অপমানিত বোধ কৰে আৰু তেওঁ বৈঠকত যোগ নিদিয়ে বুলি জনায়। এই সন্দৰ্ভত আইন মন্ত্ৰ্যালয়ৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Also Read: দক্ষ অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই প্ৰৱঞ্চক মৃদুপৱনক! উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছে নেওগে

ইপিনে, নিৰ্বাচন আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সেই বৈঠক সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে যে সেয়া  আনুষ্ঠানিক এক আলোচনাহে আছিল, কোনো বৈঠক নহয়। আয়ুক্তসকলে নিৰ্বাচন সংক্ৰান্ত কোনো বিষয় আলোচনা কৰা নাছিল। নিৰ্বাচনী সংস্কাৰৰ ক্ষিপ্ৰ মীমাংসাৰ বাবে আলোচনা হৈছিল।

আনহাতে, মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰই তেওঁৰ কামত অটল হৈ ৰৈছে। আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ এক বৈঠকৰ বাবে তেওঁ ১৫ ডিচেম্বৰত চণ্ডীগড়ত গৈ উপস্থিত হৈছে।