NORTHEAST NOW (Assamese)
Popular Stories

MP কেয়াৰ্ছ ফাণ্ডৰ পৰিৱৰ্তে UNICEF দ্বাৰা ভাৰতলৈ কিয় আৰ্থিক সাহায্য প্ৰদান ক্ৰিকেটাৰ পেট কামিনছৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 9:14 pm
Pat Cummins

অষ্ট্ৰিলীয়ান তাৰকা তথা কলকতা নাইট ৰাইডাৰ্ছৰ বেগী বলাৰ পেট কামিনছে এসপ্তাহৰ পূৰ্বে টুইটাৰ যোগে ঘোষণা কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোভিড কেয়াৰ্ছ ফাণ্ডলৈ ৫০ হাজাৰ মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াব।

সোমবাৰে পেট কামিনছে জনাইছে যে তেওঁ আগবঢ়োৱা ধন ৰাশি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ PM CARES Fund লৈ পোনপটীয়াকৈ প্ৰদান কৰাৰ পৰিৱৰ্তে UNICEFৰ জৰিয়তেহে প্ৰদান কৰিছে।

কোভিড সংক্ৰমণৰ সময়ত অক্সিজেনৰ নাটনিৰ ফলত দেশত ভয়াৱহ সংকট দেখা দিয়াৰ সময়তে ২৭ বৰ্ষীয় আন্তঃৰাষ্ট্ৰীয় অষ্ট্ৰেলীয়ান তাৰকা বেগী বলাৰজনে ভাৰতৰ পিএম কেয়াৰ্ছ ফাণ্ডলৈ ৫০ হাজাৰ মাৰ্কিন ডলাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

কিন্তু ইয়াৰ পিছতে কামিনছে নিজৰ সিদ্ধান্ত সলনি কৰি ভাৰতৰ পিএম কেয়াৰ্ছ ফাণ্ডলৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানৰ পৰিৱৰ্তে UNICEFৰ জৰিয়তে এই সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে পেট কামিনছৰ ৫০ হাজাৰ মাৰ্কিন ডলাৰ আগবঢ়োৱাৰ কথা টুইটাৰত ঘোষণা কৰাৰ লগে লগে ভাৰতত এগৰাকী টুইটাৰ ইউজাৰে পেট কামিনছক পিএম কেৰ্য়াছ ফাণ্ডৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।

টুইটাৰ ইউজাৰগৰাকীয়ে পেট কামিনছৰ টুইটত ৰিটুইট কৰি কৈছিল যে ধনৰাশি পিএম কেয়াৰ্ছ ফাণ্ডলৈ প্ৰদান কৰিলে সেই ধনৰাশি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰিব।

ইয়াৰ পিছতে ক্ৰিকেটাৰগৰাকীয়ে পিএম কেয়াৰ্ছক ধনৰাশি প্ৰদান কৰাৰ পৰিৱৰ্তে UNICEFক প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে।