NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰাতো থাকিল পৰেশ বৰুৱাৰ নাম; নাহিল পত্নী-পুত্ৰদ্বয়ৰ নাম

Posted by: এন ই নাও নিউজ July 30, 2018 3:23 pm

ভাৰতৰ পৰা অসমৰ স্বাধীনতা বিচাৰি প্ৰায় ৪ দশক ধৰি সশস্ত্ৰ বিদ্ৰোহৰ গুৰু ধৰি অহা আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম আজি প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে নাহিল তেওঁৰ পত্নী ববী ভূঞা বৰুৱা আৰু দুই পুত্ৰ ক্ৰমে অৰিন্দম বৰুৱা আৰু আকাশ বৰুৱাৰ নাম।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰি অহা নেতাজনৰ নাম এন আৰ চিৰ তালিকাত অন্তৰ্ভুক্ত হ’ব নে নহয় সেই লৈ সকলোৰে এটা উৎসুকতা আছিল।

মন কৰিব লগীয়া কথাটো হ’ল পৰেশ বৰুৱাৰ নাম যোৱা ৩১ ডিচেম্বৰত প্ৰকাশ পোৱা প্ৰথম খচৰাতো আছিল।

অৱশ্যে এন আৰ চিৰ খচৰাত নিজৰ নাম থকা আৰু পত্নী-পুত্ৰদ্বয়ৰ নাম নথকা সন্দৰ্ভত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্য এই প্ৰতিবেদন লিখালৈকে জানিব পৰা হোৱা নাই।

আনহাতে, আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনৰ পত্নী-পুত্ৰদ্বয় ক’ত আছে তাৰ শেহতীয়া সঠিক তথ্য নাই যদিও বৰ্তমান তেওঁলোক বাংলাদেশতে থকাৰ সম্ভাৱনা বেছি বুলি এটা সূত্ৰই দাবী কৰিছে।

উল্লেখযোগ্য যে আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইয়াৰ চূড়ান্ত খচৰাখন প্ৰকাশ কৰা হৈছে, য’ত ২,৮৯,৮৩,৬৬৭জনৰ নাম অসমৰ ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।