NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 8:08 pm
Supreme-Court-of-India

আন আন বছৰৰ দৰে এইবাৰৰ মহৰমত দেশৰ চহৰে-নগৰে উলিয়াব পৰা নাযাব সমদল অথবা তাজিয়া।

উচ্চতম ন্যায়ালয়ে আজি মহৰমৰ সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি কয় যে এনে ধৰ্মীয় সমদলৰ বাবে পুনৰ কোনো এটা বিশেষ সম্প্ৰদায়ৰ লোকক ক’ৰ’ণা ভাইৰাছ বিয়পোৱাৰ অভিযোগ জাপি দিয়াৰ কাকো  সুবিধা দিব নোৱাৰি।

মহৰমৰ সমদলে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও ন্যায়ালয়ে মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববড়ে,ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামসুন্দৰমকলৈ গঠিত বিশেষ খণ্ডপীঠে সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাৰ অনুমতি বিচাৰি কৰা এখন আবেদন সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি কয় যে এই সন্দৰ্ভত আদালতে কোনো সামগ্ৰীক নিৰ্দেশ জাৰি কৰিব নোৱাৰে।

কাৰণ মহৰমৰ সমদলৰ জৰিয়তে আদালতে দেশৰ নাগৰিকক ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা আৰু অধিক সংক্ৰমিত হোৱাটো নিবিচাৰে।

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি খণ্ডপীঠে কয় যে জগন্নাথ ৰথ যাত্ৰা কেৱল এটা নিৰ্দিষ্ট অঞ্চলতহে কৰিবলৈ দিয়া হৈছিল।

খণ্ডপীঠ খনে মহৰমৰ সমদল সমগ্ৰ দেশতে কৰাৰ অনুমতি বিচাৰি কৰা আবেদন খন প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে এই সম্পৰ্কত কেৱল লক্ষ্ণৌত সমদল উলিওৱাৰ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আবেদনকাৰীক কয়।

উল্লেখ্য সমগ্ৰ দেশতে মহৰমৰ সমদল উলিওৱাৰ অনুমতি বিচাৰি ছিয়া সম্প্ৰদায়ৰ নেতা ছৈয়দ কালবে জাৱাডে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।