NORTHEAST NOW (Assamese)
অসম

কেবৰ বিৰোধিতা : ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 3:17 pm
jahnu barua

অসমীয়া জাতিৰ ভৱিষ্যৎ সংকটাপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ বিৰোধিতা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই।

সৰ্বস্তৰৰ জনতাই এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ সময়তে আজি জাহ্নু বৰুৱাই কেবৰ বিৰুদ্ধাচৰণ কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা তেওঁ নিজৰ ছবিৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

সোমবাৰে মাজনিশা লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা জাহ্নু বৰুৱাই কয়, ‘চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক’।

‘আজি মই এজন অসমীয়া তথা শিল্পী হিচাপে বহুত আঘাত পাইছো। সেয়ে ইয়াৰ প্ৰতিবাদস্বৰূপে মই ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছো’। বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক এইদৰে প্ৰতিবাদ জনায় বিশিষ্ট ছবি পৰিচালকগৰাকীয়ে।

উল্লেখ্য যে পদ্মভূষণ বঁটা বিজয়ী পৰিচালকগৰাকীয়ে তেওঁৰ ‘ভগা খিৰিকী’ নামৰ ছবিখন ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা প্ৰত্যাহাৰ কৰে।