NORTHEAST NOW (Assamese)
অসম

ডিমা হাছাওৰ উমৰাংছত কয়লা খনিত সোমাল পানী; ৩০০ ফুট তলত আবদ্ধ কমেও ১০ জন শ্ৰমিক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2025 8:17 am

ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ‘ৰেট হোল’ খনিত পানী সোমাই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। ভিতৰত ১০ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। ডিমা হাছাও জিলাৰ উমৰাংছ’ত ৩০০ ফুট দ খনিটো। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দলে দুটা পাম্পৰ জৰিয়তে পানী নিষ্কাষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অবৈধ খনিটোৰ পানী ১০০ ফুট গভীৰতালৈ গৈছে। মেঘালয়ৰ সীমান্তৱৰ্তী ৰাজ্যিক আৰু কেন্দ্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীলৈও এই খবৰ  গৈছে। তেওঁলোকেও ঘটনাস্থলীলৈ ৰাওনা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনে উদ্ধাৰ কামত সেনাৰ সহায় বিচাৰিছে। শেহতীয়া খৱৰ মতে ইতিমধ্যে সেনা বাহিনীৰ দল উদ্ধাৰ অভিযানত নমোৱা হৈছে।

ৰেট-হোল মাইনিং হৈছে অসম, মেঘালয় ৰাজ্যত কয়লা খননৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতি। কোনো মেচিনৰ সহায় নোলোৱাকৈ শ্ৰমিকসকলে অতি বিপদজনকভাৱে কয়লা খনন কৰে।

২০১৪ চনত মেঘালয়ত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ পিছত ৰেট-হোল খনন নিষিদ্ধ কৰা হৈছিল। কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত এই পদ্ধতিৰে পুনৰ উত্তৰাখণ্ডৰ ছিলকিয়াৰা সুৰংগত ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰাত সফল হয়।