NORTHEAST NOW (Assamese)

এন আৰ চিৰ চূড়ান্ত খচৰা ওলাল, এতিয়া নাগৰিকত্ব বিধেয়কক লৈ স্থিতি স্পষ্ট কৰক সোণোৱালে : গগৈ

July 31, 2018 11:45 pm · অনিৰ্বাণ পাঠক

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত এতিয়া নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোণোৱাল চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ জুলাইৰ পাছত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিষয়ে মত প্ৰকাশ কৰিম বুলি কৈছিল। এতিয়া অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে,’ ৩০ জুলাই পাৰ হ’ল কিন্তু এতিয়ালৈকে মত প্ৰকাশৰ পৰা বিৰত থকাৰ কথা সোঁৱৰাই সোণোৱালক প্ৰত্যাহ্বান গগৈৰ।

উল্লেখযোগ্য যে অসমৰ বিজেপি দল আৰু চৰকাৰে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত অসমত প্ৰবল বিৰোধিতাৰ সন্মুখীন হোৱা বিধেয়কখন সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰাৰ আশ্বাস দিছিল।

অসমৰ দুই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ কেবিনেটৰ লগতে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও ইতিমধ্যেই বিধেয়কখনৰ বিৰোধিতা কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিধেয়ক বিৰোধিতা কৰা আটাইকেইখন ৰাজ্যতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।

Related News