NORTHEAST NOW (Assamese)

এন আৰ চিৰ ২২ লাখ পৃষ্ঠাৰ চূড়ান্ত খচৰাৰ ছপা কাম আৰম্ভ

July 24, 2018 8:15 am · এন ই নাও নিউজ
Updated: July 24, 2018 9:17 am

অহা ৩০ জুলাইত প্ৰকাশ হ’বলগীয়া চূড়ান্ত খচৰাৰ ছপা কাম এন আৰ চি কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰিছে। ছপা কৰা চূড়ান্ত খচৰাৰ পৃষ্ঠা সংখ্যা হ’ব ২২ লাখ। আনহাতে, এন আৰ চি কৰ্তৃপক্ষই চূড়ান্ত খচৰাৰ মাত্ৰ ৩টা কপিহে ছপা কৰি উলিয়াব। এই ২২ লাখকৈ পৃষ্ঠাৰ চূড়ান্ত খচৰাৰ ৩টা কপিৰ বাবে মুঠ ৬৬ লাখ পৃষ্ঠা ছপা কৰি ২৯ জুলাইত সম্পূৰ্ণ কৰা হ’ব।

জানিব পৰা মতে ২০১৭ৰ ৩১ ডিচেম্বৰত প্ৰকাশিত আংশিক খচৰাত ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ১.৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ইয়াৰে ১.৫ লাখ লোকৰ নাম চূড়ান্ত খচৰাত নাথাকিব। প্ৰথমতে নাম অন্তৰ্ভুক্ত কৰি পাছত কৰ্তন কৰা এই কাৰ্যত বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে।

অসম চুক্তিৰ ভিত্তিবৰ্ষ আৰু সময়সীমা অনুসৰি প্ৰকৃত ভাৰতীয়ৰ নামেৰে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিও কিছুমান সংগঠনে এন আৰ চিৰ কামত নিয়োজিত একাংশ কৰ্মচাৰীৰ কামকাজত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (আমছু) এন আৰ চিৰ একাংশ বিষয়া, কৰ্মচাৰীয়ে মইমতালিৰে নাম কৰ্তন কৰাৰ মুকলি অভিযোগ উত্থাপন কৰিছে।

আমছুৱে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত কৰা এখন সংবাদমেলত সভাপতি আজিজুৰ ৰহমানে ৩০ জুলাইৰ পাছত শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। চূড়ান্ত খচৰা প্ৰকাশৰ পাছত যাতে শান্তি-সম্প্ৰীতি অটুট থাকে তাৰ বাবে ২৮ জুলাইত নাগৰিক সভা অনুষ্ঠিত কৰিব বুলিও সংখ্যালঘু ছাত্ৰ নেতাজনে ঘোষণা কৰিছে।

আনহাতে, আমছুৰ নেতাজনে সীমান্ত শাখাৰ আৰক্ষী, এন আৰ চিৰ কামত জড়িত একাংশ বিষয়া-কৰ্মচাৰী আৰু ৰাজ্যিক সমন্বয়কৰ ওপৰত থকা ক্ষোভ আৰু অসন্তুষ্টিৰ কথাও ব্যক্ত কৰিছে। সীমান্ত শাখাৰ আৰক্ষীক  নাকী লগাবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই সংখ্যালঘু ছাত্ৰ নেতাজনে কয় যে সীমান্ত শাখাৰ আৰক্ষীয়ে জধে-মধে ‘ডি’ ভোটাৰ আৰু বিদেশীৰ জাননী দি হাৰাশাস্তি কৰি আহিছে।

Related News