NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ বিশ্বনাথৰ বাঘমাৰিত বিশাল সজাগতা সভা

Posted by: কাজি জেইদুল ইছলাম August 6, 2018 9:06 pm
NRC_Story

সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক লৈ ৰাইজৰ মনত থকা ভয় শংকা দূৰ কৰাৰ উদ্দেশ্যে আজি আমছু বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত নিজ বাঘমাৰী ফুৰকানীয়া মাদ্ৰাছা প্ৰাঙ্গণত এক বিশাল সজাগতা সভা আয়োজন কৰা হয়।

বাঘমাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা আমিন হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই ৰাইজৰ মাজত সৃষ্টি হোৱা বিভ্ৰান্তি সমুহ পুংখানুপুংখভাৱে বুজাই দি কোনোধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ কোনো ধৰণৰ অপশক্তিয়ে যাতে আইন-শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনায়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথিপত্ৰ থকা সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ’ব আৰু কোনো অবৈধ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহয় বুলি তেওঁ ৰাইজক আশ্বাস দিয়ে।

আজিৰ এই সভাত আমছু বিশ্বনাথ জিলা সমিতি সাধাৰণ সম্পাদক মঃ বাহাৰুল ইছলাম, মুখ্য সাংগঠনিক সম্পাদক মঃ ইমান আলী, বাঘমাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা নুৰ কাছিম আহমেদ, হুছেইন আহমেদ, আজেন আলী, ওৱাহেদ আলী, সভাপতি আলী আহমেদ, সাধাৰণ সম্পাদকদ্বয় মজম আলী আৰু উচমান গনি আৰু আন আন বিষয়ববিয়াৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।