NORTHEAST NOW (Assamese)
Popular Stories

জামিয়াৰ হিংসাত্মক কাণ্ড; শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অতিৰিক্ত চাৰ্জশ্বিট দাখিল দিল্লী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 4:20 pm
sharjeel-imam-3

জৱহৰলাল নেহৰু বিশ্বিবদ্যালয়ৰ পি এইচ ডি গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে যোৱা ১৫ ডিচেম্বৰৰ জামিয়া নগৰ আৰু নিউ ফ্ৰেইণ্ডছ ক’লনি হিংসাত্মক কাণ্ডত জড়িত থকাৰ অভিযোগৰ গোচৰত অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰিছে দিল্লীৰ আৰক্ষীয়ে।

ৰাজেশ দেউৰ নেতৃত্বাধীন স্পেচিয়েল ইনভিষ্টিগেশ্যন দলে ইতিপূৰ্বে উক্ত সংঘৰ্ষত জড়িত থকাৰ অভিযোগত ইমামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল। যোৱা শুকুৰবাৰে এম এম চাকেট ক’ৰ্টত ইমাম বিৰুদ্ধে অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।

অতিৰিক্ত পি আৰ অ’(দিল্লী আৰক্ষী) অনিল মিট্টালে কয় যে এজাহাৰ নং ২৪২/১৯ পি এছ এন এফ চি চাৰ্জশ্বিটত যোৱা ১৩ ডিচেম্বৰ তাৰিখে জামিয়া সংঘৰ্ষত ইমামে দেশদ্ৰোহৰ ভাষণ দিয়াৰ অপৰাধত চাৰ্জশ্বিট দাখিল কৰা হৈছে। ইতিমধ্যে তদন্ত কৰি ইয়াৰ বিৰুদ্ধে তথ্য প্ৰমাণ সংগ্ৰহ কৰি ভাৰতীয় দণ্ডবিধিৰ চেকশ্যন ১২৪ আৰু ১৫৩(দেশদ্ৰোহ আৰু জনগণৰ মাজত শ্ৰত্ৰুতা বিয়পোৱা) ধাৰাত চাৰ্জচিট দাখিল কৰা হৈছে।

যোৱা ১৫ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ নিউ ফ্ৰেইণ্ডছ কলনি আৰু জামিয়া অঞ্চলত জামিয়া ইছলামিয়া বিশ্বিবদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল।

উক্ত বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে যথেষ্ট পৰিমাণৰ ৰাজহুৱা সম্পত্তি অনিষ্ট কৰা হৈছিল। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগতে বিক্ষোভকাৰীয়েও শিল গুটি নিক্ষেপ কৰিছিল।

উক্ত বিক্ষোভত বহু বিক্ষোভকাৰীৰ লগতে আৰক্ষীৰ লোগও আ্হত হৈছিল। উক্ত বিক্ষোভত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে বিক্ষোভকাৰীক উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগ কৰিছিল দিল্লী আৰক্ষীয়ে।

আনহাতে অসম আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত যোৱা ১৬ জানুৱাৰীত ‘কা’ৰ বিৰোধী সমাৱেশত দেশবিৰোধী ভাষণ প্ৰদান কৰাৰ অভিযোগত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ পঞ্জীয়ন হৈ আছে।

বিহাৰৰ জেহানবাদ জিলাৰ নিজ গাঁৱৰ পৰা যোৱা জানুৱাৰী মাহত ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল।