NORTHEAST NOW (Assamese)
অসম

আজি পঞ্চায়ত নিৰ্বাচন : ৫০ মাহ দৰমহা নোপোৱাকৈয়ে কাৰ্য্যকাল সামৰিবলৈ ওলাইছে ২৬,৪৪৪জন পঞ্চায়ত প্ৰতিনিধিয়ে

Posted by: এন ই নাও নিউজ December 5, 2018 12:12 pm
Panchayat Members

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে। ৯ ডিচেম্বৰত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পিছত ১২ ডিচেম্বৰত হ’ব ফল ঘোষণা। তাৰ পিছতে নতুনকৈ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল’ব।

কিন্তু দুৰ্ভাগ্যৰ কথা যে বৰ্তমান দায়িত্বত থকা ২৬৪৪৪ পঞ্চায়ত প্ৰতিনিধিয়ে দৰমহা নোপোৱাকৈয়ে সামৰিবলৈ ওলাইছে তেওঁলোকৰ কাৰ্য্যকাল। বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা কৰ্মৰত এইসকল প্ৰতিনিধিয়ে জনসেৱাৰ বাবে লাভ কৰা নিম্নতম পাৰিতোষিককেইটাও মুকলি কৰি নিদিলে চৰকাৰে। অথচ বিধানসভাৰ প্ৰতিনিধিসকলে বিধেয়কৰ জৰিয়তে নিজৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰি ল’লে।

“আমি বহুত কষ্ট কৰো। তাৰ বিনিময়ত নামমাত্ৰ পাৰিতোষিক পাওঁ। ৱাৰ্ড মেম্বাৰ সকলেও সমাজৰ কামত ইটো-সিটো কৰোতে, পঞ্চায়তলৈ অহা-যোৱা কৰোঁতে নিজৰ পকেটৰ পইচা খৰচ কৰে। এইবোৰ চৰকাৰে দিয়া উচিত।” এজন পঞ্চায়ত সভাপতিয়ে কয়।

“কংগ্ৰেছ চৰকাৰৰ দিনতে ১৭ মাহৰ দৰমহা পালো। তাৰ পিছত পোৱা নাই। পোৱা হ’লে ভাল আছিল।” আন এগৰাকীৰ মত।

মন কৰিব লগীয়া যে কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰথম ১৭ মাহৰ দৰমহা পোৱাৰ পিছত যোৱা কংগ্ৰেছৰ চৰকাৰৰ দিনত প্ৰায় ২০ মাহ আৰু বিজেপি চৰকাৰৰ দিনৰ প্ৰায় ৩০ মাহ দৰমহা বা পাৰিতোষিক নাপালে পঞ্চায়ত প্ৰতিনিধিসকলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধি কাৰ্য্যকাল যোৱা যোৱা ১৯ ফেব্ৰুৱাৰিতে উকলি গৈছে যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোক পৰৱৰ্তী নিৰ্বাচনৰ জৰিয়তে নতুন প্ৰতিনিধিয়ে দায়িত্ব নোলোৱা পৰ্য্যন্ত কাৰ্য্যভাৰ চলাই গৈছে।