NORTHEAST NOW (Assamese)
দেশ

কৃষ্ণ জন্মভূমি-ইদগাহ বিতৰ্ক: মথুৰা আদালতক চাৰি মাহৰ ভিতৰত বিবাদ নিষ্পত্তিৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2022 7:34 pm
Krishna Janmabhoomi-Idgah case

কৃষ্ণ জন্মভূমি তথা শ্বাহি ইদগাহ মছজিদ বিতৰ্কৰ সন্দৰ্ভত আজি মথুৰা জিলা আদালতলৈ বিশেষ নিৰ্দেশ জাৰি কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। মথুৰা জিলা আদালতক আজি এলাহাবাদ উচ্চ ন্যায়ালয়ে চাৰি মাহৰ ভিতৰত শ্বাহি ইদগাহ মছজিদৰ জৰীপ বিচাৰি কৰা আবেদন নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে।

আবেদনকাৰী মনীষ যাদৱে মথুৰা জিলা আদালতত চলি থকা শুনানিত নিৰন্তৰ স্থগিতাদেশ আৰু বিলম্বৰ অভিযোগ তুলি শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উল্লেখ্য যে মথুৰা আদালতে কাটৰা কেশৱ দেৱ মন্দিৰ চৌহদৰ কৃষ্ণ জন্মভূমি মন্দিৰৰ ওচৰৰ পৰা শ্বাহি ইদগাহ মছজিদ আঁতৰোৱাৰ নিৰ্দেশ বিচাৰি দাখিল কৰা একাধিক গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

একাংশ হিন্দুত্ববাদী লোকে আবেদন যোগে মছজিদত মন্দিৰৰ কেইবাটাও চিহ্নৰ অস্তিত্ব দাবী কৰি শ্বাহি ইদগাহ মছজিদত জৰীপৰ বাবে দাবী জনাইছিল।

হিন্দুৰ উপাস্য কৃষ্ণ জন্মভূমি বুলি বিশ্বাস কৰা মথুৰাস্থিত এই শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ দাবী জনাই হিন্দুত্ববাদী একাংশ লোকে দাখিল কৰা আবেদন উত্তৰ প্ৰদেশৰ এখন অসামৰিক আদালতে প্ৰথমে খাৰিজ কৰিছিল।

ইয়াৰ পিছতে আবেদনকাৰীসকলে আদালতৰ পূৰ্বৰ ৰায়ক প্ৰত্যাহ্বান জনাই মথুৰা আদালতত পুনৰীক্ষণ আবেদন জনোৱা হৈছিল।