NORTHEAST NOW (Assamese)
Popular Stories

ৰাহুল দ্ৰাৱিড়ে এবাৰ অশ্ৰাব্য গালি বৰ্ষণ কৰিছিল মহেন্দ্ৰ সিং ধোনীক, চেহৱাগে জনালে এই কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2021 4:59 pm

শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেট তাৰকা ৰাহুল দ্ৰাৱিড় সামাজিক মাধ্যমত তুমূল চৰ্চাত আছে।

সমগ্ৰ কেৰিয়াৰত এজন শীতল মস্তিষ্কৰ খেলুৱৈ হিচাপে নাম থকা দ্ৰাৱিড়ক সাধাৰণতে খঙাল- আগ্ৰাসী ৰূপত দেখাটো ব্যতিক্ৰম।

কিন্তু কিছু দিন পূৰ্বে ‘ইন্দিৰানগৰ কা গোন্দা’ শীৰ্ষক এটি বাণিজ্যিক বিজ্ঞাপনত তেওঁক এজন খঙাল মানুহৰ ৰূপত দেখা গৈছে।

এই সম্পৰ্কত ক্ৰিকেটাৰজনৰ সতীৰ্থ তথা প্ৰাক্তন তাৰকা বিৰেন্দৰ সেহৱাগে ৰাহুল দ্ৰাৱিড় সম্পৰ্কে এক বিশেষ ভাস্য প্ৰদান কৰিছে।

তেওঁ কৈছে যে এবাৰ দ্ৰাৱিড়ে মহেন্দ্ৰ সিং ধোনীৰ ওপৰত তীব্ৰ খং উজাৰিচিল।

সেইসময়ত মহেন্দ্ৰ সিং ধোনী ভাৰতীয় দলত এজন নৱাগত ক্ৰিকেটাৰ আছিল।

সেহৱাগে কয় যে দ্ৰাৱিড়ে ধোনীৰ প্ৰতি যি ইংৰাজী গালি ব্যৱহাৰ কৰিছিল, সি সেহৱাগক হতচকিত কৰি তুলিছিল।

তদুপৰি সেহৱাগক পাছত ধোনীয়ে কৈছিল যে পুনৰ দ্ৰাৱিড়ৰ পৰা অশ্ৰৱণীয় গালি ধোনীয়ে শুনিব নিবিচাৰে।

‘ক্ৰিকবাজ’ৰ এটা অনুষ্ঠানত আয়োজক সমীৰ কোচ্চাৰ আৰু আশীষ নেহৰাৰ আগত চেহৱাগে এইদৰে কয়।

সেহৱাগে কয় যে এই ঘটনা সংঘটিত হৈছিল পাকিস্তানৰ মাটিত হোৱা এটা শৃংখলাত, তেতিয়া ধোনী নৱাগত খেলুৱৈ আছিল।

এখন মেচত ধোনীয়ে এটা শ্বট মাৰে আৰু পইণ্টলৈ কেচ উঠে, যাৰ ফলত আউট হয়। তাৰপাছতে ধোনীৰ ওপৰত দ্ৰাৱিড়ে খং উজাৰি কয় যে ধোনীয়ে মেচখন চম্ভালি ল’ব লাগিছিল- সেহৱাগে এইদৰে কয়।

”মই দ্ৰাৱিড়ে ব্যৱহাৰ কৰা ইংৰাজী শব্দৰ ধুমুহাত হতচকিত হৈ পৰিছিলো, যদিও মই তাৰ আধাখিনিয়েই বুজি পোৱা নাছিলো।”- সেহৱাগে কয়।

”যেতিয়া পাছৰ বাৰ এমএছ ধোনীয়ে বেটিং কৰিছিল, তেতিয়া মই দেখিছিলো যে তেওঁ বহুত বেছি শ্বট খেলা নাছিল। মই তেওঁৰ ওচৰলৈ গৈছিলো আৰু সুধিলো কি হৈছে।”- সেহৱাগে কয়- ”তেওঁ ক’লে যে তেওঁ দ্ৰাৱিড়ৰ পৰা আৰু গালি শুনিব নিবিচাৰে।”

উল্লেখযোগ্য যে ২০০৪ চনৰ শেষৰফালে ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটা ধোনীয়ে কেৰিয়াৰৰ প্ৰথমফালে ৰাহুল দ্ৰাৱিড়ৰ নেতৃত্বত বহুকেইখন মেচ খেলিছিল।