NORTHEAST NOW (Assamese)

এন আৰ চি প্ৰসংগ : এইবাৰ পশ্চিমবংগৰ কংগ্ৰেছ সভাপতিৰ সমালোচনা মমতা বেনাৰ্জীক

August 3, 2018 8:14 am · এন ই নাও নিউজ

যোৱা ৩০ জুলাইত অসমত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত অসমৰ নেতাসকল জাঙুৰ খাই উঠাৰ পিছত এইবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীক পশ্চিমবংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰীয়ে ‘প্ৰতাৰক’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী পদৰ বাবে লালায়িত হোৱাৰ অভিযোগ কৰে।

ৰাষ্ট্ৰীয় বাতৰিকাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত বৃহস্পতিবাৰে চৌধুৰীৰ উদ্ধৃতি দি কোৱা হৈছে যে মমতাই এটা যুক্তৰাষ্ট্ৰীয় মৰ্চা গঠনৰ ধাৰণা লৈ ‘সংযুক্ত বিৰোধী’ক সন্মিলিত কৰাৰ প্ৰচেষ্টাৰে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে। তেওঁ বিভিন্ন দলসমূহৰ নেতাসকলক মমতাক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। মমতা বেনাৰ্জীয়ে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ এদিন পিছতে তেওঁ এই মন্তব্য কৰিছে।

বাতৰিটোত লগতে কোৱা হৈছে যে পশ্চিমবংগৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে মমতা বেনাৰ্জীয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ কৰি কয়, ‘’ এপিনে তেওঁ অসমত এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ কথা কয় আৰু আনপিনে তেওঁৰ ৰাজ্যৰ সীমান্তত ইয়াক প্ৰৱেশত বাধা দিয়ে।‘’

তেওঁ লগতে মমতা বেনাৰ্জীয়ে ২০০৫ চনত বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সংসদত সভা স্থগিত প্ৰস্তাৱ আনি এই বিষয়ত তেওঁৰ স্থিতি স্পষ্ট কৰাৰ যি দাবী জনাইছিল সেই কথা সোঁৱৰাই দিয়ে। মমতা বেনাৰ্জীয়ে পূৰ্বতে কৈছিল যে তেওঁ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ কৰি এন আৰ চিৰ সম্পৰ্কত ‘’ইয়াত ৪০ লাখ লোকক অন্তৰ্ভুক্ত নকৰা তথা প্ৰকৃত নাগৰিকক বাদ দিয়াৰ’’ বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিছিল।

অসমৰ ৰাজনৈতিক দল তথা সংগঠনসমূহে বিগত দুদিন ধৰি এন আৰ চিৰ গোটেই বিষয়টো ‘’ৰাজনীতিকৰণ’’ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে মমতাক গৰিহনা দিছে আৰু ‘’এন আৰ চি হিন্দু বা মুছলমানৰ বিৰুদ্ধে বুলি কোৱাটো অযুক্তিকৰ’’ বুলি তেওঁৰ সমালোচনাক নস্যাৎ কৰিছে।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মন্তব্য কৰিছিল যে ‘’ মমতা বেনাৰ্জীয়ে অসমত কি ঘটিছে তাক লৈ চিন্তা কৰা উচিত নহয়। তেওঁ পশ্চিমবংগৰ ৰাজনীতিক লৈ চিন্তা কৰক। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰশ্নই নুঠে।  প্ৰতিজন ভাৰতীয় নাগৰিকক হাৰাশাস্তি হোৱাৰ পৰা সুৰক্ষা দিবলৈ আমি ইয়াত আছো।‘’

 

Related News