NORTHEAST NOW (Assamese)
অসম

এন চি পিয়ে মেঘালয় নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰিলে আৰু ৬ জন প্ৰাৰ্থীৰ নাম

Posted by: এন ই নাও নিউজ January 25, 2018 8:52 pm
এন চি পি

এন চি পিয়ে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা মেঘালয় বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আন ৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

এন চি পিৰ ৰাজ্যিক কাৰ্য্যকৰী সভাপতি ৱিজয় ৰাজে শ্বিলঙত আজি সন্ধিয়া কিছু সময় পূৰ্বে এই নামসমূহ ঘোষণা কৰে।

আজি প্ৰকাশিত তালিকা অনুসৰি গামবেগ্ৰে সমষ্টিত দুবাৰৰ বিধায়ক তথা দলটোৰ ৰাজ্যিক সভাপতি চালেং চাংমা, দালু সমষ্টিত দৰেন্দ্ৰ চাংমা, খাৰকুত্তা সমষ্টিত প্ৰিয়ম চাংমা, তিক্ৰিকিল্লা সমষ্টিত নিলকমল চাংমা, ৰেচুবেলপাৰা সমষ্টিত ডঃ তুইল মাৰাক আৰু ৰংজেং সমষ্টিত প্ৰাক্তন বিধায়ক দেচাং চাংমাই দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এন চি পিয়ে প্ৰকাশ কৰা মেঘালয় নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত ৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

গামবেগ্ৰে সমষ্টিৰ পৰা প্ৰথমবাৰ ২০০৮ চনত কংগ্ৰেছৰ হৈ আৰু দ্বিতীয়বাৰ ২০১৩ চনত নিৰ্দলীয়ভাৱে বিজয়ী হোৱা  চালেং চাংমাই যোৱা ১৫ জানুৱাৰিত দলটোত যোগ দি ৰাজ্যিক এন চি পিৰ নতুন সভাপতি হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিছিল।

সৰ্বভাৰতীয় দলটোৰ অন্যতম প্ৰতিস্থাপক পি এ’ চাংমা মেঘালয়ৰে আছিল যদিও এতিয়ালৈকে ৰাজ্যখনত দলটোৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।