NORTHEAST NOW (Assamese)

এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

March 26, 2018 7:09 pm · এন ই নাও নিউজ

এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ আজি বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত হয়। বিধানসভাৰ উপাধ্যক্ষৰ বাবে তেওঁৰ নামটো প্ৰস্তাৱ কৰিছিল বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চি এম চাঙে আৰু সমৰ্থন কৰিছিল বিদ্যালয়ী শিক্ষা উপদেষ্টা কে ছুখালুৱে।

মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক ঝালেও ৰিঅ’ক উপাধ্যক্ষ নিৰ্বাচিত হোৱা বাবে অভিনন্দন জনাই কয় যে বিধানসভা সুকলমে চলাত এই পদবীটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ কয় যে ঝালেওৰ অভিজ্ঞতাৰ ক্ষেত্ৰখন বহল আৰু তেওঁ নাগালেণ্ড চিভিল ছাৰ্ভিছ বিষয়া হিচাপে বিভিন্ন ক্ষেত্ৰত কাম কৰিছে।

উল্লেখযোগ্য যে ঝালেওৱে ১৯৯৭ চনত আই এ এছ বিষয়া হিচাপে যোগদান কৰিছিল আৰু নাগালেণ্ডৰ বহুতো পিছপৰা ঠাইত সেৱা আগ বঢ়াই ২০১৩ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ ভায়েক।

আনহাতে বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কয় যে বিৰোধী দলে পদটোৰ বাবে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছিল আৰু ঝালেও উপাধ্যক্ষ নিৰ্বাচিত হোৱাত তেওঁ আনন্দিত।

বিৰোধী পক্ষই কয় যে তেওঁলোকে বিশেষকৈ বিৰোধী দলৰ সদস্যসকলৰ প্ৰতি নিৰপেক্ষ মনোভাৱ দেখা পোৱা যাব বুলি আশা প্ৰকাশ কৰে।

মন কৰিব লগীয়া যে উপাধ্যক্ষ হিচাপে নিজৰ ভাষণত ঝালেওৱে কয় যে তেওঁৰ ওপৰত দিয়া দায়িত্ব অতি গধুৰ আৰু বিধানসভাৰ সদস্যসকলৰ প্ৰকৃত সহযোগিতা অবিহনে ইয়াক বহন কৰা সম্ভৱ নহয়। গতিকে তেওঁ প্ৰতিজন সদস্যকে সহযোগিতাৰ হাত আগ বঢ়াবলৈ অনুৰোধ কৰে।

Related News