NORTHEAST NOW (Assamese)

এপিএছচি কেলেংকাৰি : শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব ৰাকেশ পালৰ পত্নী সুনন্দা পাল

May 24, 2018 12:31 pm · এন ই নাও নিউজ
অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পাল। ফাইল ফটো

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ পত্নী সুনন্দা পালক শীঘ্রেই আৰক্ষীয়ে জেৰা কৰিব। বিগত প্রায় ডেৰবছৰ ধৰি আৰক্ষীয়ে তদন্তৰ আওতাৰ পৰা আঁতৰাই ৰখা সুনন্দা পালৰ বিৰুদ্ধে ৰাকেশ পালৰ দুর্নীতিত সহযোগ কৰাৰ পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে তেওঁক জেৰা কৰিবলৈ আৰক্ষী সাজু হৈছে বুলি  জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাকেশ পালৰ পত্নী সুনন্দা পালৰ বিৰুদ্ধে লোকসেৱা আয়োগৰ  তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ আছে। আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

বিগত ২০১৬ চনৰ ৪ নৱেম্বৰত আয়োগৰ মুখ্য কার্যালয়ৰ নিজ কক্ষৰ পৰাই তদন্তকাৰী ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পালক গ্রেপ্তাৰ কৰিছিল। গ্রেপ্তাৰ কৰাৰ দিনা নিশাই আৰক্ষীয়ে তেওঁৰ ভঙাগড়স্থিত ফ্লেটত অভিযান চলাইছিল।

আৰক্ষীয়ে অভিযান চলোৱাৰ পূর্বেই পালৰ পত্নী সুনন্দা পালে তেওঁৰ গাড়ীচালক অপূর্ব দাসৰ সহায়ত বহু তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ উঠিছিল।

ৰাকেশ পালক গ্রেপ্তাৰৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ পত্নীয়ে গাড়ীচালকজনৰ সৈতে ঘৰখনত থকা বৃহৎ পৰিমাণৰ নগদ ধন, আ-অলংকাৰ আৰু গোপন নথিপত্র নিৰাপদ স্থানলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছিল।

ইয়াৰ পাছতো  আৰক্ষীয়ে ঘৰটোৰ পৰা কেইবা লক্ষ নগদ ধনকে ধৰি বহুসংখ্যক আয়োগৰ পৰীক্ষাৰ উত্তৰবহী আৰু নম্বৰৰ তালিকা উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে গাড়ীচালক অপূর্ব দাসক আটক কৰি জেৰাও কৰিছিল।

আৰক্ষীয়ে তদন্ত প্রক্রিয়া চলি থকাৰ মাজতে সুনন্দা পালৰ এটা ফ্লেটত অভিযান বহু তথ্য-প্রমাণ লাভ কৰাৰ লগতে উত্তৰবহী আদি জব্দ কৰিছিল। এতিয়া ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ প্রায় ডেৰবছৰ পাছত আৰক্ষীয়ে তেওঁৰ পত্নী সুনন্দা পালক জেৰা কৰিবৰ বাবে সাজু হৈছে।

জেৰাৰ বাবে সুনন্দা পাললৈ চমন জাৰি কৰিছে বুলিও জানিব পৰা গৈছে।  তদুপৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গ্রেপ্তাৰ কৰিব পৰাকৈ পর্যাপ্ত তথ্য-প্রমাণ লাভ কৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

Related News