NORTHEAST NOW (Assamese)

এ পি এছ চিৰ কেলেংকাৰি : ধৃত এ পি এছ কবিতা দাসক কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত জেৰা

July 23, 2018 10:24 am · এন ই নাও নিউজ
Updated: July 23, 2018 4:15 pm

দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ পৰা গ্রেপ্তাৰ কৰা এ পি এছ চি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা এ পি এছ  বিষয়া কবিতা দাসক গুৱাহাটীলৈ অনা হৈছে। তেওঁক বৰ্তমান কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত ডিব্ৰুগড় আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

দুলীয়াজানত স্বামীৰ সৈতে বজাৰলৈ আহি থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কবিতা দাস ১৯নং আই আৰ বি এনৰ ডিএছপি হিচাপে কৰ্মৰত আছিল। বিগত ৯ দিন ধৰি কৰ্মক্ষেত্ৰত উপস্থিত নথকা কবিতা দাসে বিদেশলৈ পলায়নৰ যো-জা চলাইছিল। আনকি কবিতাৰ মোবাইল ফোনো চুইচ অফ হৈ আছিল।

আনহাতে, দিচপুৰৰ এক প্ৰভাৱশালী চক্ৰৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতেই আৰক্ষী বিষয়াগৰাকীৰ প্ৰতি তদন্তকাৰী আৰক্ষীয়ে নৰম স্থিতি লোৱাৰ অভিযোগ উত্থাপন হৈছিল। কবিতা দাসক ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী দিগন্ত শইকীয়াৰ বিৰুদ্ধে ৰক্ষনাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

উল্লেখযোগ্য যে কবিতা দাসে যোৱা ২৫ মে’ত কাহিলিপাৰাত নিজৰ হস্তাক্ষৰ পৰীক্ষা দিছিল। এ পি এছ চিৰ কেলেংকাৰিটোৰ ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল কবিতা দাসে। কিন্তু এতিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজসাক্ষী হোৱাৰ স্বপ্ন ভংগ হ’ল কবিতা দাসৰ।

Related News