NORTHEAST NOW (Assamese)
অসম

এ পি এচ চি কেলেংকাৰি : গুৱাহাটীত ৰাকেশ পালৰ ঘনিষ্ঠৰ ফ্লেটত মাজনিশা জব্দ শতাধিক উত্তৰ বহী

Posted by: এন ই নাও নিউজ April 26, 2018 4:36 pm
apsc assam scam

ৰাকেশ পালৰ ঘনিষ্ঠ ব্যক্তিৰ গুৱাহাটীৰ ফ্লেটত ২৫ এপ্ৰিলৰ মাজৰাতি ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰিলে এ’ পি এছ চি ( APSC )ৰ ২০০ খন নিলিখা বহীৰ লগতে আন ৩০০ খন উত্তৰ বহী।

অসম লোকসেৱা আয়োগৰ ল’গ’ থকা জব্দ কৰা উত্তৰ বহীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

গুৱাহাটী ভঙাগড়ৰ অম্বিকা শ্ৰী হৰি নামৰ এপাৰ্টমেণ্টটোৰ ৫ম মহলাত থকা ফ্লেটটো ৰাকেশ পালৰ ঘনিষ্ঠ গোপাল চন্দ্ৰ বৰা নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে।

এ’ পি এছ চি কেলেংকাৰিৰ তদন্তকাৰী বিষয়া ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰৰ নেতৃত্বত কালি ৰাতি ১০ বজাত অভিযানটো অভিযানটো মাজনিশা পৰ্য্যন্ত চলিছিল।