NORTHEAST NOW (Assamese)
অসম

এ পি এচ চি কেলেংকাৰি : ‘ৰাকেশ পাল’ৰ সন্মুখতে জেৰা ৯জন কাৰাবন্দী বিষয়াক

Posted by: এন ই নাও নিউজ June 26, 2018 7:56 am
APSC

সোমবাৰে এ পি এচ চি কেলেংকাৰিত অভিযুক্ত ৯জন ৰাজপত্ৰিত বিষয়াক পুনৰ কাৰাগাৰতে কেলেংকাৰিৰ নায়ক ৰাকেশ পালক সন্মুখত লৈ জেৰা কৰে তদন্তকাৰী আৰক্ষীয়ে। এতিয়া লৈ আৰক্ষীয়ে সৰ্বমুঠ ২২জন বিষয়াক এইদৰে জেৰা কৰা পৰিলক্ষিত হয়।

লোকসেৱা আয়োগৰ জৰিয়তে বক্ৰ পথেৰে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা ৯জন বিষয়াক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই জেৰা কৰে।

জেৰাৰ সন্মুখীন হোৱা ৰাজপত্ৰিত বিষয়াসকল হ’ল নিশামণি ডেকা, কৌশিক কলিতা, বৰ্ণালী দেৱী, ৰাজু সাহা, দেৱজিৎ বৰা, চাবিৰা ইমৰান, সুদীপ্তা গোস্বামী ভট্টাচাৰ্য, ৰুমী শইকীয়া আৰু পল্লৱী শৰ্মা চৌধুৰী।

সোমবাৰে ৰাতিপুৱা প্ৰায় ৭-৩০ বজাৰ পৰাই আৰম্ভ কৰা জেৰাত ধৃত বিষয়াসকলে এই নামী-দামী তথা সন্মীনীয় চাকৰিসমূহ ক’ত, কাৰ পৰা কিদৰে কিমান টকাৰ বিনিময়ত ক্ৰয় কৰিছিল আদি বিষয়ে সবিশেষ তথ্য বিচৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আদালতৰ অনুমতি লাভ কৰাৰ পাছৰ পৰা তদন্তকাৰী বিষয়াৰ তৎপৰতাতে প্ৰথম দুদিনত মুঠ ১৩ জন বিষয়াক জেৰা কৰিছিল। আৰু সোমবাৰে এই ৯ জন বিষয়াক কৰা জেৰা সহিতে এতিয়ালৈ ২২ জন বিষয়াক জেৰা কৰা হয়।