NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰি : বিষয়া-দালালৰ সন্ধানত আৰক্ষীৰ অভিযান

Posted by: এন ই নাও নিউজ August 10, 2018 8:02 am
এ পি এছ চি ভৱন

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত আৰক্ষীয়ে নতুনকৈ ১০জন বিষয়া-দালালৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে গোচৰটোৰ  একমাত্ৰ আনুষ্ঠানিক ৰাজসাক্ষী অভিষিকা বৰুৱাই চাকৰি লোৱাৰ সময়ত মধ্যভোগী হিচাপে কাম কৰা তথা তেওঁ নাম লোৱা বক্ৰ পথেৰে একেদৰে চাকৰি লোৱা আন কেইজনমান বিষয়াৰ সন্ধানত তদন্তকাৰী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব।

উল্লেখয্যগ্য যে এই ১০জন বিষয়াৰ ৮ জনেই হৈছে দালাল। এই অভিযুক্তসকলক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক সদৰী কৰিছে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে। নতুন দুজনমান ৰাজপত্ৰিত বিষয়াৰ উত্তৰবহীৰ প্ৰতিবেদন ফৰেনছিক বিজ্ঞানাগাৰৰ পৰা আহি আৰক্ষীৰ হাতত পৰিছে। তেওঁলোক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে বিশেষ আদালতৰ পৰা ৰাজসাক্ষী অভিষিকা বৰুৱাৰ জবানবন্দীৰ প্ৰতিলিপিও সংগ্ৰহ কৰিছে। লক্ষণীয় যে গোচৰটোৰ এইপৰ্যন্ত একমাত্ৰ ৰাজসাক্ষী অভিষিকা বৰুৱাই আদালতত প্ৰদান কৰা জবানবন্দীত তেওঁ চাকৰি ক্ৰয় কৰিবৰ বাবে ধন দিয়া দালাল আৰু তেওঁৰ দৰেই চাকৰি লোৱা কেইবাজনো ৰাজপত্ৰিত বিষয়াৰ নাম লৈছিল।

তদুপৰি,, ৰাজসাক্ষী অভিষিকাই তিনিজন দালালৰ জৰিয়তে ৰাকেশ পাল বাহিনীক ধন দিছিল বুলি জবানবন্দীত প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।

ইপিনে আদালতৰ পৰা অনুসন্ধান সমাপ্ত কৰিবৰ বাবে আৰু দুমাহৰ অতিৰিক্ত সময় লোৱা ডিব্ৰুগড় আৰক্ষীয়ে শেহতীয়াকৈ কেলেংকাৰিটোৰ সৈতে জড়িত ব্যক্তিসকলৰ তালিকা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত দালাল আৰু বক্ৰপথেৰে চাকৰি লোৱা লোকৰ তালিকা সাজু কৰা হৈছে। জানিব পৰা মতে এইবাৰ আৰক্ষীয়ে ১০জন লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাব।