NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰি : ৯ গৰাকী বিষয়াৰ বিৰুদ্ধে দাখিল প্ৰচিকিউচন চেংচন

Posted by: এন ই নাও নিউজ August 9, 2018 7:55 am
APSC-building.-570x320

এ পি এছ চি কেলেংকাৰিত অভিযুক্ত হৈ কাৰাগাৰত থকা ৯ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বুধবাৰে আৰক্ষীয়ে বিশেষ আদালতত প্ৰচিকিউচন চেংচন (তদন্তৰ অনুমতি) দাখিল কৰিছে।

এই কথা জানিবলৈ দি এ পি এছ চি গোচৰৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে কয় যে এতিয়ালৈকে ৩৮ গৰাকী ৰাজপত্ৰিত বিষয়াৰ প্ৰচিকিউচন চেংচন লাভ কৰা হৈছে আৰু কালি অৰ্থাৎ বুধবাৰে ইয়াৰে ৯ গৰাকী বিষয়াৰ প্ৰচিকিউচন চেংচন আৰক্ষীয়ে বিশেষ আদালতত দাখিল কৰিছে।

বিষয়া কেইগৰাকী হৈছে জয়দেৱ মহন্ত, ৰিতুৰাজ গগৈ, প্ৰসেনজিৎ ঘোষ,  ভাস্কৰ দেৱশৰ্মা, অমৃতজ্যোতি শৰ্মা, ভাস্কৰ দত্ত দাস, মানস প্ৰতিম হালৈ, বিকাশ পিঞ্চা আৰু বৰ্ণালী দেৱী।

আনহাতে অভিযুক্ত কেইবাগৰাকী বিষয়াৰ উত্তৰবহীৰ ফৰেনছিক প্ৰতিবেদন আহিবলৈ বাকী আছে বুলি উল্লেখ কৰি পানেচৰে কয় যে পৰ্যাপ্ত সাক্ষ্য-প্ৰমাণ পালেই  আৰু অধিক বিষয়াক গ্ৰেপ্তাৰ কৰা হ’ব।

উল্লেখযোগ্য যে এ পি এছ চিৰ কেলেংকাৰিৰ সৈতে জড়িত হৈ কাৰাগাৰত বন্দী হৈ থকা ৬ জন এ পি এছ বিষয়াক যোৱা ১ আগষ্টত ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।