NORTHEAST NOW (Assamese)
অসম

ডাম্পাৰৰ খুন্দাত জীৱন গ’ল প্ৰাতঃভ্ৰমণলৈ যোৱা দুগৰাকী মহিলাসহ তিনিজনৰ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী November 14, 2019 11:08 am
IMG-20191114-WA0017

মঙলদৈ-ভুটিয়াচাং ৰাজ্যিক পথৰ চপাইত আজি পুৱা সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুগৰাকী মহিলাসহ এজন পুৰুষে মৃত্যুমুখত পৰে।

জানিব পৰা অনুসৰি প্ৰাতঃভ্ৰমণলৈ যোৱা এই তিনিওগৰাকী পথচাৰীকে এখন তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই। যাৰ ফলত ঘটনাস্থলতে দুজনৰ মৃত্যু হয় আৰু এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

থিতাতে মৃত্যু হোৱা লোকজনৰ নাম সুৰেণ চহৰীয়া আৰু মহিলাগৰাকী কিৰণ দেৱী(৫৫) বুলি জানিব পৰা গৈছে। ইফালে মঞ্জুলা নাথ নামৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁৰো মৃত্যু ঘটে।

পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আকোৱালি লোৱা তিনিওগৰাকীৰে ঘৰ অধমাপাৰাত বুলি জানিব পৰা যায়।

উল্লেখ্য যে দুৰ্ঘটনাটো ৰাতিপুৱা প্ৰায় ৫ৰ পৰা ৫.৩০ মান বজাত সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।