NORTHEAST NOW (Assamese)
Popular Stories

মোদী চৰকাৰক বৃহৎ সকাহ; ৰাফেল চুক্তিৰ পুনৰীক্ষণৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2019 12:37 pm
rafale_

ৰাফেল যুদ্ধ বিমান ক্ৰয়ত কেলেংকাৰি সংঘটিত কৰা বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে দাখিল কৰা সকলো পুনৰীক্ষণৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

মোদী তথা কেন্দ্ৰীয় চৰকাৰক বৃহৎ সকাহ দিয়া এই ৰায়টোত উচ্চতম ন্যায়ালয়ে কয় যে পুনৰীক্ষণ আবেদনত এনে কোনো তথ্য নাছিল যাৰ ভিত্তিত তদন্তৰ বাবে গোচৰ ৰুজু কৰিব পৰা যাব। সেয়ে এই পুনৰীক্ষণৰ আবেদন খাৰিজ কৰা হয়।

উল্লেখ্য যে ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত বিভিন্ন অভিযোগ তুলি জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী আৰু যশোৱন্ত সিনহাই পুনৰীক্ষণৰ আবেদন দাখিল কৰিছিল।

পুনৰীক্ষণ আবেদনত অভিযোগ কৰা হৈছিল যে চৰকাৰে ২০১৮’ৰ ১৪ ডিচেম্বৰত  চুক্তিখন বাহাল ৰখাৰ ৰায়টোৰ ক্ষেত্ৰত আদালতক ভুলপথে পৰিচালিত কৰিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কৃষাণ কৌল আৰু কে এম জচেফৰ বিচাৰপীঠে বহু বিতৰ্কিত ৰাফেল চুক্তিৰ ৰায় প্ৰদান কৰে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সৈতে আলোচনা নকৰাককৈ ফ্ৰান্সলৈ গৈ সম্পূৰ্ণ একপক্ষীয়ভাৱে ফ্ৰান্স চৰকাৰৰ  সৈতে আলোচনা কৰি পূৰ্বতকৈ ৪১,২০৫ কোটি টকা অধিক দামত ৰাফেল বিমান ক্ৰয়ৰ চুক্তি কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰি আহিছিল।