আজি কেবিনেট বৈঠকত গ্ৰহণ কৰিলে কি কি সিদ্ধান্ত? চাওঁ আহক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত গ্ৰহণ কৰা কেইটামান সিদ্ধান্ত এনেধৰণৰ—
- চাহ শ্ৰমিকৰ দৈনিক মজুৰিপূৰ্বৰ ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ।
- ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয়ৰ বাবে গঠন এজনীয়া কমিটী ৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ’ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি ৷
- ASDMAৰ অধীনত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত।
- ৫৮০ গৰাকী হাইস্কুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ তথা ৫৭ খন স্কুলত কৰ্মৰত ১০১ গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।

- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰতকৈ বেছি বছৰ কাম কৰি থকা কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
- শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ নামত ২৮০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত।
- বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷
- ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নামত কেবিনেটে ১০ বিঘা মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
- বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৮ হাজাৰ হুইল চেয়াৰ কিনিব চৰকাৰে ৷