NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত গৃহ মন্ত্ৰী অমিত শ্বাহ ! চৰকাৰে কি ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2020 2:31 pm
ক’ৰ’নাত আক্ৰান্ত গৃহ মন্ত্ৰী অমিত শ্বাহ ! চৰকাৰে কি ক’লে?

এটা হিন্দী সংবাদ গোষ্ঠীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি দাবী কৰি বাতৰি প্ৰচাৰ কৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

চৰকাৰী এজেঞ্চি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ পি আই বিয়ে ৰবিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখন ভূৱা বুলি স্পষ্টীকৰণ দিয়ে।

‘‘মানুহৰ মনত ভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ভূৱা ফটো প্ৰচাৰ কৰা হৈছে। এনে ধৰণৰ ফটো শ্বেয়াৰ আৰু ফৰোৱাৰ্ড নকৰিব,’’ পি আই বিয়ে নিজৰ টুইটাৰত উল্লেখ কৰে।

Amit Shah covid
ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ভূৱা ফটোখন

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে মাত্ৰ চাৰিদিনৰ ভিতৰতে ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাই ৪০০০ পাৰ কৰিছে।

দেশৰ এনে মহা সংকটৰ সময়ত ভূৱা বাতৰি প্ৰচাৰ কৰি জনসাধাৰণৰ মনত আতংকৰ সৃষ্টি নকৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বাৰে বাৰে সকীয়নি প্ৰদান কৰিছে আৰু এনে ভূৱা বাতৰি প্ৰচাৰ কৰা লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে।