NORTHEAST NOW (Assamese)
অসম

অভিভাৱকে কিতাপ পঢ়ি দেখুৱালেহে ম’বাইল আসক্ত সন্তানেও কিতাপ পঢ়িব : অমৰজ্যোতি চৌধুৰী

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী September 15, 2019 7:35 am

‘কিতাপ হৈছে চিন্তাৰ সমষ্টি। নিজৰ ভাষা, সাহিত্য, সংস্কৃতিক জানিবলৈ, শিপাক চিনিবলৈ কিতাপ পঢ়িব লাগে যাতে এই শিপাৰ পৰাই বিশ্ব মানৱতাৰ অংশীদাৰ হ’ব পাৰি।’ এই মন্তব্য তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ তথা ‘কিতাপ পঢ়ো আহক’ৰ গুৰিবঠা ড° অমৰজ্যোতি চৌধুৰীৰ।

আজি বিয়লি মঙলদৈ জিলা পুথিভঁৰালৰ বাকৰিত জেব্ৰা ফ’ৰ্চৰ উদ্যোগত অনুস্থিত ‘কিতাপ পঢ়ো আহক’ অনুষ্ঠানত অংশগ্ৰহণ কৰি ড° চৌধুৰীয়ে আৰু কয় যে এইয়া প্ৰথমেে গুৱাহাটীত আৰম্ভ কৰা হৈছিল আৰু পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন প্ৰান্তলৈ আগবঢ়াই ইয়াক এটা আন্দোলনৰ ৰূপ দিব বিচৰা হৈছে।

অনুষ্ঠানটোত চৌধুৰীয়ে আজিৰ পৰাই সকলোকে কিতাপ কিনাৰ অভ্যাস গঢ়িবলৈ আহ্বান জনায়। আনহাতে আজিৰ একাংশ নৱ প্ৰজন্ম প্ৰচুৰ অধ্যয়নশীল হোৱাৰ বিপৰীতে আন একাংশ ম’বাইল ফোনত মচগুল হৈ থকাটো অশুভ লক্ষণ বুলি লগতে উল্লেখ কৰে।

তদুপৰি অভিভাৱকে সন্তানক কিতাপ পঢ়িবলৈ তাগিদা দিয়াৰ আগতে অভিভাৱকসকলে নিজেই কিতাপ পঢ়ি আদৰ্শ দেখুৱাবলৈ আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ইদ্ৰিছ আলীয়ে কয়, ‘আগতে আন্দোলন মানে কাৰোবাৰ বিৰোধিতা কৰা যেন অনুভৱ হৈছিল। কিন্তুু কিতাপ পঢ়াই আন্দোলনৰ ৰূপ লোৱাটো অতিশয় শুভ লক্ষণ।’

‘সাহিত্য মানেই কিতাপ কিন্তুু কিতাপ(সকলো) মানেই সাহিত্য নহয়’ বুলি উল্লেখ কৰি তেওঁ তামোল পাণৰ দোকানৰ সন্মুখৰেে গ’লে যিদৰে তাামোল এখন খাবৰ মন যায়, সেইদৰে কিতাপৰ বিপনীৰ সন্মুখেৰেে গ’লেই কিতাপ কিনাৰ অভ্যাস গঢ়িব পাৰিলে অসমৰ ছবিখনেই সলনি হৈ যাব বুলি কয় ৷

সভাৰ সামৰণিত শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত এজাক কণ কণ শিশুৱে জিলা পুথিভঁৰালত কিছুসময় কিতাপ পঢ়াৰ আনন্দ লোৱাৰ লগতে আজিৰে পৰা দৈনিক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ সংকল্প লয়।