NORTHEAST NOW (Assamese)
অসম

সাংবাদিকৰ বাবে চেন্নাইৰ চিকিৎসালয়ৰ প্ৰিভিলেজ কাৰ্ড উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2019 7:30 am
index3

চেন্নাইৰ আগশাৰীৰ  চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেন্টাৰে  শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক সকলৰ বাবে এখন প্ৰিভিলেজ কাৰ্ড উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকি  চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বৈভৱ পাটিল, উপ মহাপ্ৰবন্ধক  মুৰুলী ধৰণ ভি, উত্তৰ পূবৰ বাণিজ্য বিষয়া চিৰঞ্জীব শৰ্মাই প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিক সকলক  এই কাৰ্ড প্ৰদান কৰে।

এই কাৰ্ডৰ জৰিয়তে সাংবাদিক সকলে ৰেলা ইনষ্টিটিউটৰ অ’পিডিত চিকিৎসকৰ পৰা বিনামূলীয়া প্ৰাথমিক পৰামৰ্শ লাভ কৰিব।

তদুপৰি, বিশেষজ্ঞৰ পৰামৰ্শত ২৫ শতাংশ, পৰীক্ষা-নিৰীক্ষাত ২০ শতাংশ, সামগ্ৰিক স্বাস্থ্য পৰীক্ষাত ২০ শতাংশ, ঔষধত ৫ শতাংশ ৰেহাইৰ সুবিধা থাকিব।

কাৰ্ডখনত আগবঢ়োৱা আন এক সুবিধা হৈছে চেন্নাই বিমান বন্দৰ অথবা ৰে’ল ষ্টেশ্যনৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া বাহনৰ ব্যৱস্থা।

অনুষ্ঠানটোৰ আগমুহূৰ্তত ডাঃ পাটিলে যকৃৎ আৰু বৃক্ক ৰোগত ভুগি থকা বহুকেইজন  সাংবাদিকক পৰামৰ্শ প্ৰদান কৰে।

উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰায় ৬০ গৰাকী সাংবাদিকক প্ৰিভিলেজ কাৰ্ড  প্ৰদান কৰা হয়।