NORTHEAST NOW (Assamese)
অসম

ন লগোৱা উৎসৱ: টীয়কৰ তেলীয়া গাঁৱৰ নামঘৰৰ পৰা গায়ন বায়নেৰে পৱিত্ৰ বৰভেটিলৈ যাত্ৰা ভকত বৈষ্ণৱৰ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক November 28, 2021 3:09 pm
Na Lahowa Utsav

আজি যোৰহাটৰ পৱিত্ৰ বৰভেটিৰ ২৫৪ সংখ্যক ঐতিহাসিক ন-লগোৱা উৎসৱ। শ্ৰীশ্ৰী অষ্টভূজদেৱৰ পুণ্যতীৰ্থ খ্যাত বৰভেটি ন-লগোৱা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটে ভকত বৈষ্ণবৰ।

টীয়কৰ তেলীয়া গাঁৱৰ মায়ামৰা ন-মাটি নামঘৰত গাওঁখনৰ সকলো লোকেই  ধৰ্মীয় পৰম্পৰাৰে প্ৰতি বছৰেই বৰভেটি ন-লগোৱা উৎসৱলৈ যাত্ৰা কৰে।

উল্লেখ্য যে আঘোণ মাহৰ দ্বিতীয়টো দেওবাৰে ঐতিহাসিক বৰভেটিত আয়োজন কৰে ন-লগোৱা উৎসৱ।

পৰম্পৰা অনুসৰি বৰভেটি ন-লগোৱা উৎসৱত এইসকল লোকে নিজৰ ন-চাউলমুঠি লগোৱাৰ পাছতহে নিজে অন্ন ৰূপে গ্ৰহণ কৰে।ইয়াকে লৈ এতিয়া সকলো ব্যস্ত হৈ পৰিছে।

গাঁৱখনৰ অধিকাংশ লোকেই পুৱাই পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি নেদেখাজনৰ চৰণত নামঘৰত সেৱা জনাই গায়ন বায়নেৰে ঐতিহাসিক বৰভেটিলৈ যাত্ৰা আৰম্ভ কৰিছে।

লগতে সকলোৰে মংগল তথা ক’ৰনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ভগবানৰ চৰণত সেৱা আগবঢ়াইছে।