NORTHEAST NOW (Assamese)
অসম

শোকাৱহ: মৃতকৰ শেষকৃত্যৰ বাবে গৈ থকা অৱস্থাতে দুৰ্ঘটনা, ১৮ জন নিহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 28, 2021 3:21 pm
শোকাৱহ: মৃতকৰ শেষকৃত্যৰ বাবে গৈ থকা অৱস্থাতে দুৰ্ঘটনা, ১৮ জন নিহত

আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৭ জন লোক গুৰুতৰ ভাবে আহত হৈছে।

ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ নদীয়া জিলাত।

ৰাজ্য খনৰ ২৪ পৰগণাৰ এজন লোকৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰিবলৈ যোৱাৰ সময়তে এই দুৰ্টনাটো সংঘটিত হয়।

শেষকৃত্য অনুষ্ঠানলৈ এখন গাড়ীত উঠি মৃত্যু ঘটা লোকজনৰ লগতে গাঁৱৰে প্ৰায় ৪০ জন লোকে যাত্ৰা কৰিছিল। তেওঁলোকে উঠি যোৱা গাড়ী খনে পথৰ কাষত ৰৈ থকা এখন এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত ১৮ জন লোকৰ থিতাতে মৃত্যু ঘটে। নিহতসকলৰ ভিতৰত ৭ গৰাকী মহিলা আৰু এটি ৬ বছৰীয়া শিশুও আছে।

পশ্চিমবংগৰ এই শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।

উল্লেখ্য ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।