NORTHEAST NOW (Assamese)
অসম

মিচিং সাহিত্য সভা টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ শিবিৰ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক November 28, 2021 3:41 pm
মিচিং সাহিত্য সভা টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ শিবিৰ

মিচিং সাহিত্য সভাই নিজৰ জনগোষ্ঠীয় ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে সমগ্ৰ অসমতে মিচিং ভাষা প্ৰশিক্ষণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে।

তাৰে অংশ স্বৰূপে আজি মিচিং সাহিত্য সভা টীয়ক আঞ্চলিকে টীয়কৰ জাতীয় বিদ্যালয়ত মিচিং ভাষা প্ৰশিক্ষণৰ এক শ্ৰেণীকোঠা মুকলি কৰি পাঠদানৰ শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰতি দেওবাৰে ছয়মাহলৈকে এই পাঠদান অব্যাহত থাকিব আৰু এই শিবিৰত নিজৰ জনগোষ্ঠীয় ভাষা, জনগোষ্ঠীটোৰ ইতিহাস তথা ধৰ্মীয় ৰীতি নীতিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যি অনাগত দিনত মিচিং ভাষাক এক সুকীয়া মৰ্যদা প্ৰদান কৰিব বুলি আশাবাদী উদ্যোক্তাসকল।

মতিলাল টায়ে আতধৰা তথা মিচিং সাহিত্য সভা টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ মিলিয়ে সভাপতিত্ব কৰা উক্ত শুভাৰম্ভ অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া, সচিব সৌৰভ বৰা,জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° মন্টু কুমাৰ বৰা,আঞ্চলিকৰ সম্পাদক ভৱকান্ত টাও,কাৰ্তিক পেগু,প্ৰণৱ পায়েংকে প্ৰমুখ্য কৰি ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।