NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমান জনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2021 9:00 pm
child covid test

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজি ১ শতাংশৰ তলত আছে।অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কমিছে। মৃত্যুৰ সংখ্যাও কালিৰ তুলনাত আজি কমিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৯৮৯ গৰাকী লোক। আজি ৰাজ্যখনত মুঠতে ১,০৭,২৮৫ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৯২ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.৭২ শতাংশ।


ৰাজ্যখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন এছঅ’পি জাৰি হৈ আছে।

নতুন এছঅ’পি অনুসৰি গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল আছে সম্পূৰ্ণ কাৰ্ফিউ।

আনহাতে, যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হৈছে কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা জাৰি কৰা হৈছে কাৰ্ফিউ।

তদুপৰি, পূৰ্বৰ দৰেই বন্ধ আছে আন্তঃজিলা যাতায়াত।

আনহাতে আজি কেন্দ্ৰীয় চৰকাৰে কোভিডৰ জিলা ভিত্তিক সংক্ৰমণৰ দিশত এতিয়াও উদ্বেগজনক স্থিতিত থকা দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত অসমকো অন্তভূৰ্ক্ত কৰিছে।

কোভিডৰ সংক্ৰমণ ১০ শতাংশতকৈ বেছি হোৱা জিলা সমূহত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ১০ খন ৰাজ্যৰ ৪৬ খন জিলাত এতিয়াও কোভিডৰ সংক্ৰমণ উদ্বেগজনক হৈ আছে।