NORTHEAST NOW (Assamese)
অসম

আঙুৰলতাক লৈ অশ্লীল মন্তব্য বি পি এফৰ বিধায়কৰ; আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ বিধায়িকা গৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 6:29 pm

বি পি এফ দলৰ নেতা তথা বিধায়ক কমলসিং নাৰ্জাৰীয়ে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক লৈ কৰা চুড়ান্ত অপমানসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিধায়িকা আঙুৰলতা ডেকা।

এগৰাকী জনপ্ৰতিনিধিয়ে কৰা এনেধৰণৰ অশ্লীল মন্তব্যই সমগ্ৰ নাৰী জাতিক অপমানিত কৰাৰ লগতে বিধান সভাৰ সদস্য পদৰ মৰ্যদা লাঘৱ কৰিছে বুলি আঙুৰলতা ডেকাই উল্লেখ কৰে।

কমলসিং নাৰ্জাৰীৰ ব্যক্তিগত অশ্লীল মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বটদ্ৰৱা সমষ্টিৰ বিধায়িকা গৰাকীয়ে হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে, বি পি এফৰ নেতা কমলসিং নাৰ্জাৰী বিটিচি নিৰ্বাচনত প্ৰচাৰ অভিযানত ব্যস্ত থকা বিজেপি নেত্ৰী গৰাকীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি অশ্লীল মন্তব্য কৰিছিল।

কমলসিং নাৰ্জাৰীৰ আঙুৰলতা ডেকাক উদ্দেশ্যি কৰা এই মন্তব্যৰ পাছতে বিজেপি কৰ্মী তথা সমৰ্থক সকলে নাৰ্জাৰীৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

বিজেপি কৰ্মী সকলে শীঘ্ৰে নাৰ্জাৰীয়ে আঙুৰলতা ডেকাৰ ওচৰত ৰাজহুৱা ক্ষমা বিচৰা উচিত বুলি কয়।