NORTHEAST NOW (Assamese)
অসম

ভুলবশত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা পিঅ’কেৰ দুই কিশোৰীক মিঠাই আৰু উপহাৰৰ টোপোলাৰে বিদায় দিলে ভাৰতীয় সেনাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 6:51 pm

পাকিস্তান দখলীকৃত কাশ্মীৰ (পিঅ’কে)ৰ দুগৰাকী কিশোৰীয়ে ভুলবশত লাইন অফ কন্ট্ৰোল পাৰ হৈ জম্মু-কাশ্মীৰৰ পুঞ্চত উপস্থিত হৈছিল।

ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰমী ভাৰত ভূমিত প্ৰৱেশ কৰা পিঅ’কেৰ কিশোৰী দুগৰাকীক আটক কৰে।

আটক হোৱা পিঅ’কেৰ কিশোৰী দুগৰাকী লাইবা জাবেইৰ আৰু চানা জাবেইৰ বুলি সেনা বাহিনীৰ তৰফৰ পৰা সদৰী কৰে।

পৰৱৰ্তী সময়ত ভাৰতীয় সেনাবাহিনীয়ে ১৩ বছৰীয়া আৰু ১৭ বছৰীয়া লাইবা আৰু চানাক মিঠাইৰ টোপোলা আৰু বিভিন্ন ধৰণৰ উপহাৰ দি নিজ দেশলৈ ঘুৰাই পঠায়।

পাকিস্তানী সেনা বাহিনী আৰু সাধাৰণ নাগৰিকৰ উপস্থিতিত দুয়োগৰাকী কিশোৰীক ভাৰতীয় সেনা বাহিনীয়ে নিজ দেশৰ হাতত অৰ্পন কৰে।

দুয়োগৰাকী কিশোৰীক উপহাৰ আৰু মিঠাইৰ টোপোলাৰ লগতে ভবিষ্যত জীৱনত সফল হোৱাৰ বাবেও ভাৰতীয় সেনা বাহিনীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতীয় সেনা বাহিনীৰ এনে মহানুভৱতাৰ কথা ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ভাৰতীয় সেনা বাহিনীৰ এনে মহানুভৱতাক উচ্চ প্ৰশংসা কৰে।

‘ভাৰতীয় সেনা বাহিনীয়ে সদায় মানৱতাক অগ্ৰাধিকাৰ দি আহিছে,’ এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইদৰে লিখে।