NORTHEAST NOW (Assamese)
Popular Stories

য়ুৰোপীয় লীগত গ’ল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি বালা দেৱীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 5:55 pm

ভাৰতীয় ফুটবল তাৰকা বালা দেৱী দেওবাৰে য়ুৰোপীয় পেচাদাৰী ফুটবল লীগত গ’ল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি কৰে।

এই সাফল্য অৰ্জন কৰা বালা দেৱী দেশৰ প্ৰথম মহিলা ফুটবলাৰ হিচাপে পৰিণত হয়।

য়ুৰোপীয় ক্লাবৰ সৈতে পেচাদাৰী চুক্তিত স্বাক্ষৰ কৰা প্ৰথম মহিলা ভাৰতীয় খেলুৱৈ বালা দেৱীয়ে দেওবাৰে ৰেঞ্জাৰ্ছ ওমেন এফ চিৰ হৈ গ’ল কৰে।

দ্বিতীয়াৰ্ধত কাৰ্ষ্টি হোৱাতৰ স্থানত ফিল্ডত প্ৰৱেশ কৰা বালা দেৱীয়ে প্ৰথমে ৬৮ মিনিটতে এটা পেনাল্টি অৰ্জন কৰি মেচত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে।

পেনাল্টিটো তেওঁৰ সহযোগী ২০ বছৰীয়া ফৰাচী মহিলা ডাইনা ব’ৰ্মাই গ’ললৈ ৰূপান্তৰ কৰে।

ৰেঞ্জাৰ্ছে ধাৰাবাহিকভাৱে বিপক্ষৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখে আৰু ৮৫ মিনিটত বালা দেৱীয়ে য়ুৰোপীয় পেচাদাৰী লীগত তেওঁৰ জীৱনৰ প্ৰথমটো গ’ল প্ৰদান কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে দেওবাৰে স্কটিচ ওমেন’ছ প্ৰীমিয়াৰ লীগৰ এখন মেচত ৰেঞ্জাৰ্ছ ওমেন এফ চিয়ে মাডাৰৱেল ওমেনক ৯-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

স্মৰ্তব্য যে মণিপুৰৰ ২৯ বছৰীয়া বালা দেৱীয়ে পূৰ্বতে ভাৰতক নেতৃত্ব দিয়াৰ লগতে ২০১০ চনৰ পৰা খেলা ৫৮ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৫২টা গ’ল কৰিছে।

ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্বাধিক গ’ল দাতাৰ তালিকাত প্ৰথম স্থানত থকা বালা দেৱীৰ কেৰিয়াৰৰ বাবে এয়া এক ডাঙৰ উপলব্ধি বুলি ফুটবল বিষেষজ্ঞ সকলে অভিহিত কৰিছে।