NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ চুৰাটত বহুমহলীয়া অট্টালিকা ভাঙি ৭জনৰ মৃত্যু; ধ্বংসাৱশেষৰ তলত আৱদ্ধ একাধিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 7, 2024 9:37 am
গুজৰাটৰ চুৰাটত বহুমহলীয়া অট্টালিকা ভাঙি ৭জনৰ মৃত্যু; ধ্বংসাৱশেষৰ তলত আৱদ্ধ একাধিক

প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্য গুজৰাটৰ চুৰাটত বহুমহলীয়া অট্টালিকা ভাঙি পৰা ঘটনাত হতাহতৰ সংখ্যা বৃদ্ধি পাইছে। দেওবাৰে পুৱাৰ ভাগত দুৰ্যোগ মোকাবিলা বাহিনীয়ে ধ্বংসাৱশেষৰ পৰা ৭জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। এতিয়াও একাধিক বাসিন্দা ধ্বংসাৱশেষৰ তলত পোত খাই আৱদ্ধ হৈ আছে।

শনিবাৰে বিয়লি ধাৰাসাৰ বৰষুণৰ মাজতে শচীন পালিত এটা ছয় মহলীয়া অট্টালিকা হুৰমুৰাই ভাঙি পৰে। তাত পাঁচটা পৰিয়াল বাস কৰিছিল। তেওঁলোকৰ কিছুমান কৰ্মস্থলীত আছিল। বাকীবোৰ ফ্লেটত শুই আছিল।

 ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো। সেইটো প্ৰায় জীৰ্ণ হৈ পৰিছিল। নিৰ্মাণৰ কোনো দোষ আছিল নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

চুৰাটৰ মুখ্য অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া বসন্ত পাৰেখে কয় যে গোটেই নিশা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ মোকাবিলা বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। পুৱা ৬ বজালৈকে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে ৭টা মৃতদেহ।

এতিয়াও ৫ জন লোক ধ্বংসাৱশেষৰ তলত পোত খাই থকাৰ আশংকা কৰা হৈছে। কালি ১৫ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।