NORTHEAST NOW (Assamese)
অসম

অচিৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হ’ব উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৩৫৯টা ষ্টেশ্যন

Posted by: এন ই নাও নিউজ September 7, 2018 9:35 am
New-Haflong-station-570x320

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৩৫৯টা ষ্টেশ্যন অচিৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলৈ বিভিন্ন মেচিন ব্যৱহাৰ কৰা হ’ব। অহা ২ অক্টোবৰৰ পূৰ্বে ষ্টেশ্যনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ বাবে আন্তঃগাঁথনি সম্পূৰ্ণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ মুঠ ৫৪৭টা ষ্টেশ্যনৰ ১২৭টা ষ্টেশ্যনত প্লেটফৰ্মৰ ব্যৱস্থা নাই। ইয়াৰ ভিতৰত ২২ টা ষ্টেশ্যন ইতিমধ্যে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ২৭টা ষ্টেশ্যন হাতেৰে চাফা কৰি থকা হৈছিল। বাকী ৩৭১টা ষ্টেশ্যন সংশ্লিষ্ট ষ্টেশ্যন অধীক্ষকে স্থানীয় এজেঞ্চিক নিয়োগ কৰি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া মুঠ ৩৫৯টা ষ্টেশ্যন মেচিনেৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা হ’ব আৰু ২ অক্টোবৰৰ ভিতৰত ইয়াৰ আন্তঃগাঁথনি সম্পূৰ্ণ কৰা হ’ব।

ইয়াৰ পূৰ্বে ষ্টেশ্যন অধীক্ষকৰ নেতৃত্বত স্থানীয় এজেঞ্চিয়ে ষ্টেশ্যনসমূহ পৰিষ্কাৰ কৰি আহিছিল যদিও সেয়া আংশিকভাৱেহে পৰিষ্কাৰ হৈছিল। ইয়াৰ মাজৰ অধিকসংখ্যক ষ্টেশ্যনত লেতেৰা পৰিৱেশ বিৰাজ কৰিছিল। এতিয়া ইয়াৰে ৩৫৯টা ষ্টেশ্যন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ পৰিব।

আনহাতে, মেচিনৰ সহায়ত পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলগীয়া ষ্টেশ্যনসমূহ ইতিমধ্যে বাছি উলিওৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ মুখ্য ষ্টেশ্যনকেইটাক ইয়াত সামৰি লোৱা হৈছে।

তদুপৰি, চাপৰমুখ, ডিফু, হোজাই, জাগীৰোড, লংকা, হয়বৰগাঁও, হাইলাকান্দি, জিৰণি, কুমাৰঘাট, মাহুৰ, নগাঁও, নিউ হাফলং, নিউ কৰিমগঞ্জ, নাৰেংগী, শিলঘাট টাউন, ডিব্ৰুগড় টাউন, দুলীয়াজান, যোৰহাট টাউন, তিনিচুকীয়া, নাজিৰা, শিৱসাগৰ, বৰপেটাৰোড, গোৱালপাৰা টাউন, মুৰ্কংচেলেক, উত্তৰ লখিমপুৰ, ৰঙাপৰা উত্তৰ, চিলাপথাৰ, আজাৰা, বকো, ডেকাৰগাঁও, যোগীঘোপা, মেণ্ডিপথাৰ, নলবাৰী, বিশ্বনাথ চালিআলি আদি ষ্টেশ্যনসমূহকো মেচিনেৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে।