NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰি : অন্তিম সময়সীমালৈ দুদিন থকা অৱস্থাত অভিযোগনামা দাখিল অসম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ January 5, 2018 12:34 pm
550250-apsc

এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২৪জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অন্তিম সময়সীমালৈ দুদিন থকা অৱস্থাত অভিযোগনামা দাখিল অসম আৰক্ষীৰ। অভিযোগনামা দাখিল আৰু দুদিন পলম হোৱা হ’লেই অভিযুক্তসকলে আইনী প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি ডিফল্ট বেইল বা স্বতঃসিদ্ধ জামিন লাভ কৰাৰ সম্ভাৱনা আছিল। অৱশ্যে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আংশিক বুলি জানিব পৰা গৈছে। এটা সূত্ৰই জনোৱা মতে আৰক্ষীয়ে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বাবে আংশিক অভিযোগনামাহে দাখিল কৰিছে। আনহাতে মুঠ অভিযুক্ত ২৫ জনৰ ভিতৰৰ ৰাকেশ গুপ্তা নামৰ অভিযুক্তজন এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীৰ সূত্ৰই কোৱা মতে, মৃগেন শইকীয়া আৰু মফিজুল ইচলাম নামৰ আন দুজন ব্যক্তিও পলাতক অৱস্থাত আছে।

আনহাতে ২৪ জন অভিযুক্তৰ একেবাৰে শেহতীয়াকৈ আদালতত আত্মসমৰ্পণ কৰা নিশামণি ডেকাৰ আবেদন কালি আদালতে নাকচ কৰে। অভিযুক্ত নিশামণি ডেকাৰ অধিবক্তাই তেওঁৰ কেঁচুৱাটোৰ চিকিৎসাৰ প্ৰয়োজনক এক কাৰণ হিচাপে উত্থাপন কৰিছিল যদিও আদালতে সেই যুক্তি অগ্ৰাহ্য কৰে। তাৰ পৰিৱৰ্তে শিশুৰোগ বিশেষজ্ঞৰ দ্বাৰা কাৰাগাৰৰ ভিতৰতে কেঁচুৱাটিক চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। প্ৰতিদিনে শিশুটিক চিকিৎসকৰ দ্বাৰা নিৰীক্ষণ কৰাবলৈও আদালতে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য কঁপোৱা কেলেংকাৰিটোত ধন দি চাকৰি লোৱাৰ অভিযোগত ২৫ জনকৈ ৰাজপত্ৰিত বিষয়াক অভিযুক্ত কৰা হৈছে। ইয়াৰে ২৪ জনে বৰ্তমান কাৰাগাৰত জীৱন কটাই আছে। মূল অভিযুক্ত তথা এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালো কাৰাগাৰত আছে।