NORTHEAST NOW (Assamese)
অসম

এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ লক্ষ্য বিধায়ক অখিল গগৈৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 29, 2022 2:39 pm
Akhil Gogoi

এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ মন মেলিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে।

আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ শিৱসাগৰবাসীলৈ আহ্বান জনাইছে অখিল গগৈয়ে।

পৌৰসভা নিৰ্বাচন আছে বাবে বিজেপিয়ে বিধায়কৰ কামকাজত বাধা প্ৰদান কৰা বুলি অভিযোগ অখিলৰ।

‘শিৱসাগৰ পৌৰসভা আমাক উপহাৰ দিয়ক, ২মাহৰ ভিতৰত শিৱসাগৰ নগৰখন অসমৰ ভিতৰত চাফচিকুন নগৰ ৰূপে গঢ়ি তুলিম’ বুলি প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে।

লগতে পঢ়ক: বিশ্বনাথৰ মিলনপুৰত ৰহস্যজনকভাবে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বিধায়কগৰাকীয়ে লগতে আগন্তুক ৬ মাহৰ ভিতৰত শিৱসাগৰ নগৰৰ প্ৰত্যেক ঘৰলৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হব বুলিও কয়।

উল্লেখ্য যে আজি বিধায়ক অখিল গগৈয়ে ২০২১-২২বৰ্ষৰ নিজ বিধায়ক পুঁজিৰ ১লাখ ৪০হাজাৰ ৮শ ৮৫টকা ব্যয়ৰে ষ্ট্ৰীটলাইট সংযোগৰ শুভাৰম্ভ কৰে।

শিৱসাগৰৰ ন-পাম গাঁওৰ ১০ নং ৱাৰ্ড আৰু বনফুল নগৰৰ ৯ নং ৱাৰ্ডত এই ষ্ট্ৰীট লাইট সংযোগ কৰা হব।

লগতে পঢ়ক:ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

উল্লেখযোগ্য শিৱসাগৰৰ পৌৰ এলেকাৰ এই অঞ্চলৰ মানুহে বহুদিন ধৰি ষ্ট্ৰীটলাইটৰ আভাৱত ভূগী আছিল।