NORTHEAST NOW (Assamese)

এ পি এছ চিৰ কেলেংকাৰি : ১০ জন কৃষি উন্নয়ন বিষয়ালৈ চমন জাৰি আৰক্ষীৰ

July 23, 2018 9:22 am · এন ই নাও নিউজ
Updated: July 23, 2018 4:16 pm

এ পি এছ চিত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়ম সম্পৰ্কত মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত চলি থকা এটা গোচৰ সংক্ৰান্তত জেৰাৰ বাবে ১০ জন কৃষি উন্নয়ন বিষয়াক দেওবাৰে চমন জাৰি কৰিছে। এই গোচৰত আৰক্ষীয়ে ৯ জন কৃষি উন্নয়ন বিষয়াক ইতিমধ্যে জেৰা কৰিছিল।

উল্লেখযোগ্য যে ৰাকেশ পালৰ আমোলত অসম লোকসেৱা আয়োগত কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগত গুৱাহাটীৰ ভঙাগড় থানাত ৰুজু হোৱা ১৬৯/২০১৭ নম্বৰ গোচৰৰ ভিত্তিত তদন্ত চলি আছে।

ধনৰ লেন-দেনেৰে চাকৰি লোৱাৰ অভিযোগত এ চি এচ আৰু এ পি এচ বিষয়াৰ লগতে তদন্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ সন্দৰ্ভত যাৱতীয় তথ্য নিদিয়া বুলি এ পি এছ চিৰ বিৰুদ্ধেই গুৰুতৰ অভিযোগ তুলিছিল স্বয়ং তদন্তকাৰী আৰক্ষী বিষয়াই।

কৃষি উন্নয়ন বিষয়া নিযুক্তি সংক্ৰান্তীয় কেলেংকাৰীৰ ভঙাগড় থানাৰ এটা গোচৰ ১৬৯/১৭ নম্বৰৰ গোচৰটোৰ সম্পৰ্কত যোৱা ১৩ জুলাইত মহানগৰ আৰক্ষীয়ে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছিল।

জানিব পৰা মতে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অভিযোগনামাত এ পি এছ চিৰ নিলম্বিত সদস্য বসন্ত কুমাৰ দলেৰ নামো আছে। ইতিপূৰ্বে এই গোচৰ সম্পৰ্কত এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু মুছাৰফ হুছেইনৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

ইতিমধ্যে ৰাকেশ পালে এপিএছ চিৰ মূল গোচৰটোত জামিন লাভ কৰিছিল যদিও কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি সম্পৰ্কীয় ভঙাগড় থানাৰ গোচৰত বৰ্তমান কাৰাবাস খাটি আছে।

Related News