NORTHEAST NOW (Assamese)

তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবী তুলিলে তিৱা ৰজাসকলে

February 26, 2018 9:13 am · এন ই নাও নিউজ
Updated: February 26, 2018 9:15 am
ফাইল ফটো।

তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবী তুলিলে তিৱা ৰজাসকলে। মৰিগাওঁ জিলাৰ ধৰমতুলৰ আটিগাঁৱত পূব-উত্তৰখলা দেওৰজা-পৰিষদৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ঐতিহাসিক তিৱা ৰজাসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু ৰাজদৰবাৰৰ অন্তত এই দাবীৰ লগতে মুঠ ছটা প্ৰস্তাৱ গ্ৰহণ কৰিছে তিৱা ৰাজপৰিষদ, প্ৰতিনিধি আৰু ৰজাসকলৰ মাজত অনুষ্ঠিত সভাই।

এই প্ৰস্তাৱকেইটা হ’ল-  তিৱা ৰজাসকলক প্ৰদান কৰিব লগীয়া ৰাজভাত্তা নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা, তিৱা বসতিপ্ৰধান অঞ্চলক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাজ্যিক ৰাজধানীৰ পৰিসৰ তিৱা বসতিপ্ৰধান অঞ্চললৈ সম্প্ৰসাৰণ নকৰা, অসমৰ বনাঞ্চলত ২০০৬ চনৰ নীতি মতে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা, তিৱা ভাষা চৰ্চা কেন্দ্ৰৰ শিক্ষকসকলৰ পদ নিয়মীয়া কৰা, অসমত থকা ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।

উল্লেখযোগ্য যে বিগত তিনি বাৰৰ দৰে এইবাৰো যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত তিৱা ৰজাসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত তিৱা কৃষ্টি-সংস্কৃতি-সাহিত্যৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল। ২৪ ফেব্ৰুৱাৰিত ৰাজদৰবাৰৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হোৱা ৰাজদৰবাৰত তিৱা ভাষাৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আলোচনাচক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক কাৰ্য্যসূচী আদি অনুষ্ঠিত হয়।

বিভিন্ন প্ৰান্তৰ তিৱা ৰজাসকলে অংশ গ্ৰহণ কৰা এই অধিৱেশনত তিৱা স্বায়ত্ত পৰিষদৰ বিষয়ববীয়া, তিৱা সাহিত্য সভাৰ সভাপতি লালছিং মাদাৰ, তিৱা সম্প্ৰদায়ৰ বিশিষ্ট লেখক তথা সাহিত্যক মিলেশ্বৰ পাটৰ আদিও উপস্থিত আছিল।

 

Related News