NORTHEAST NOW (Assamese)

ওদালগুৰিত অঃ জাঃ যুঃ ছাঃ পঃৰ বিষ্ণুৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

June 14, 2018 2:32 pm · এন ই নাও নিউজ

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱ মহকুমাৰ ডিমাকুছি আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অহা ২০জুনত ডিমাকুছিত বিষ্ণুৰাভা দিবস উদ্‌যাপন কৰিব।

উল্লেখযোগ্য যে উক্ত দিনা বিষ্ণুৰাভা দিৱস উদযাপনৰ উদ্দেশ্যে পুৱা ৮ বজাত সমিতিৰ সভাপতি ৰাজীৱ ডেকাই পতাকা উত্তোলন কৰিব। লগতে স্মৃতি তৰ্পণ কৰিব ডিমাকুছি সাহিত্য সভাৰ সভাপতি মহেশ শৰ্মাই।

আনহাতে বিষ্ণুৰাভাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰিব ওদালগুৰি জিলা সমিতিৰ সম্পাদক জ্যোতি প্ৰসাদ বৰদলৈয়ে।

প্ৰাপ্ত তথ্য মতে উক্ত দিনা আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলা সমিতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কণ্ঠ কুমাৰ দাস, সাংগঠনিক সম্পাদক মুকুট দাসকে ধৰি আৰু কেইবাজনো বিশিষ্ট ব্যক্তি।

আনহাতে উদ্যোক্তা সকলে উক্ত দিনাৰ কাৰ্যসূচীত সকলো ৰাইজৰে সহায়-সহযোগিতা কামনা কৰিছে।

Related News