NORTHEAST NOW (Assamese)

ওদালগুৰিৰ টংলাত ‘অনাদি অনন্ত প্ৰসাৰি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

July 1, 2018 11:29 am · চাজিদ খান
ওদালগুৰিৰ টংলাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

ওদালগুৰি জিলাৰ টংলাৰ এহাল দম্পতী প্ৰনবজ্যোতি দাস আৰু অৰ্চনা দাসে অসমীয়াতে লিখি উলিওৱা বিজ্ঞান ভিত্তিক প্ৰৱন্ধৰ সংকলন ‘অনাদি অনন্ত প্ৰসাৰি’ শীৰ্ষক গ্ৰন্থখন শুকুৰবাৰে সন্ধিয়া তেওঁলোকৰ বাসগৃহত উন্মোচন কৰা হয়।

গুৱাহাটীৰ পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন যুটীয়াভাৱে উন্মোচন কৰে টংলা কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নাৰায়ন গহটৰাজ আৰু ফ্ৰেমন্টল, ছিংগাপুৰ ইন্টাৰনেশ্যনেলৰ প্ৰাক্তন গৱেষক সীমান্ত ভট্টাচাৰ্যই।

‘’বিজ্ঞান ভিত্তিক প্ৰৱন্ধৰ এই সংকলনখনে আগন্তুক সময়ত সমাজৰ পৰা অন্ধবিশ্বাস অঁতৰাই পাঠকৰ মাজত বিজ্ঞান মনস্কতা গঢ়ি তুলিব আৰু পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষণ তথা জনপ্ৰিয়তা বৃদ্ধি কৰিব,’’-সাংবাদিক চাজিদ খানে উন্মোচনী অনুষ্ঠানত এইদৰে কয়।

গ্ৰন্থকাৰ অৰ্চনা দাস টংলা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা আৰু আনগৰাকী গ্ৰন্থকাৰ প্ৰনবজ্যোতি দাসে ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে টংলা কলেজৰে প্ৰাণী বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰাৰ পিছত বৰ্তমান টংলাৰ অৰুণোদয় জুনিয়ৰ কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত।

উক্ত উন্মোচনী অনুষ্ঠানত টংলাৰ নৰ্থ দৰং কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা এল কে ৰামচিয়াৰী, অৰুণোদই একাডেমীৰ অধ্যক্ষ নেপোলিয়ন দৈমাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Related News