NORTHEAST NOW (Assamese)
উত্তৰ-পূব

চাকমা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত খণ্ডিত গণমত

Posted by: ছাংজুৱালা হমাৰ April 24, 2018 4:46 pm
Fractured mandate in Chakma Autonomous District Council election

চাকমা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কোনো দলেই সংখ্যা গৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১১খন আসন লাভ নকৰাটো নিশ্চিত হৈ পৰিছে। সেয়েহে পৰিষদত এতিয়া এখন ওলোমা বিধানসভা হোৱাটো নিশ্চিত হৈ পৰিছে।

নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চৰ দুই সদস্য মিজো নেশ্যনেল ফ্ৰণ্ট আৰু বিজেপিয়ে লগ হৈ নতুন পৰিষদ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে।

পৰিষদৰ প্ৰধান কাৰ্যালয় চাওংটে চহৰত আজি ভোট গননা আৰম্ভ কৰা হৈছে। ২০ এপ্ৰিলত চাকমা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ২০ টা সমষ্টিৰ ১৯টাত ভোট গ্ৰহণ কৰা হৈছিল।

মিজো নেশ্যনেল ফ্ৰণ্টে তেওঁলোকৰ প্ৰাৰ্থীৰ সাক্ষী হিচাপে চৰকাৰী কৰ্মচাৰীয়ে স্বাক্ষৰ কৰাৰ ফলত তেওঁলোকৰ প্ৰাৰ্থিত্ব ৰদ হোৱাৰ বিষয়ত এটা অভিযোগ দিয়াৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ফুলতুলী সমষ্টিৰ নিৰ্বাচন বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।

মিজো নেশ্যনেল ফ্ৰণ্টে ৮খন আসন লাভ কৰি সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছে ৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৫খন আসন লাভ কৰিছে।

কংগ্ৰেছে দাবী কৰিছে যে নিৰ্বাচন স্থগিত ৰখা ফুলতুলী সমষ্টিটো কংগ্ৰেছ আৰু সেয়েহে তেওঁলোকৰ প্ৰাৰ্থী কালী কুমাৰ টোংচোংগ্যাক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা বুলি ধৰি ল“ব লাগে। আনহাতে মিজো নেশ্যনেল ফ্ৰণ্টে দাবী কৰিছে যে সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছে আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

কংগ্ৰেছৰ এটা ভিতৰুৱা সূত্ৰত প্ৰকাশ যে দলটোৰ ভিতৰৰ আভ্যন্তৰিণ সমস্যাৰ বাবে নিৰ্বাচনৰ পল এনে হতাশাজনক হৈছে আৰু ইয়ে চাকমা স্বায়ত্ব শাসিত পৰিষদত দলটোৰ দুৰ্বলতাখিনি প্ৰতিফলিত নকৰে।

আনহাতে মিজো নেশ্যনেল ফ্ৰণ্টে দাবী কৰিছে যে কংগ্ৰেছৰ পতন আৰম্ভ হৈছে আৰু চাকমা স্বায়ত্ব শাসিত পৰিষদত মিজো নেশ্যনেল ফ্ৰণ্টে বিজেপিৰ সৈতে লগ হৈ চৰকাৰ গঠন কৰিব ইয়াত কংগ্ৰেছৰ বাবে চৰকাৰ গঠনৰ কোনো পথ খোলা নাই।

মিজো নেশ্যনেল ফ্ৰণ্টৰ সভাপতি জৰামথাংগাই কৈছে যে কংগ্ৰেছৰ সৈতে বিজেপিয়ে মিত্ৰতা কৰাটো অসম্ভৱ।তাৰোপৰি, বিজেপি আৰু মিজো নেশ্যনেল ফ্ৰণ্ট হৈছে নেশ্যনেল ডেমক্ৰেটিক এলায়েঞ্চ আৰু নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চৰ অবিশ্চেদ্য অংগ।